Local, Vocal, Global

গুৱাহাটী মহানগৰত হেলমেট নিপিন্ধাৰ বাবেই মৃত্যুক সাৱটি ললে ৪৮ শতাংশ লোকে

নিউজ ডেস্ক :দেশত প্ৰতিবছৰে প্ৰায় ডেৰ লাখ লোকৰ পথ দূৰ্ঘটনাত মৃত্যু হয়। ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে কয় যে পথ দূৰ্ঘটনাৰ বাবে প্ৰায় ৫ লাখৰো অধিক লোকে পংগুত্ত্বৰ জীৱন কটাবলগীয়া হয়। ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পোৱা পথ দূৰ্ঘটনা সম্পৰ্কত তেঁও কয় যে ২০১৯ চনত অসমত মুঠ ৮৩৫০টা পথ দূৰ্ঘটনা সংঘটিত হয় আৰু ৩২০৭জন লোকৰ মৃত্যু হয়। ২০২০ চনত ৬৫৯৩টা পথ দূৰ্ঘটনা সংঘটিত হয় আৰু ২৬২৯ জন লোকৰ মৃত্যু হয়।অসমত ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ মাহলৈ ৬০৫৬ পথ দূৰ্ঘটনা সংঘটিত হয় আৰু ২৪৪৬ জন লোকৰ মৃত্যু হয়। আনহাতে কামৰূপ মহানগৰত ২০১৯ চনত ৯২৯টা পথ দূৰ্ঘটনা সংঘটিত হয় আৰু ২৪৮ জন লোকৰ মৃত্যু হয়।২০২০ চনত ৬৯৯ টা পথ দূৰ্ঘটনা সংঘটিত হয় ২১৫ লোকৰ মৃত্যু হয়। ২০২১চনৰ জানুৱাৰী মাহৰ পৰা অক্টোবৰ মাহলৈ কামৰূপ মহানগৰত ৬২১টা পথ দূৰ্ঘটনা সংঘটিত হয় আৰু ১৯৪ জন লোকৰ মৃত্যু হয়। তদুপৰি ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা নৱেম্বৰ মাহলৈ অৰ্থাৎ বিগত ১১টা মাহত কেৱল গুৱাহাটী মহানগৰীতে ২০০ ৰো অধিক লোকৰ পথ দূৰ্ঘটনাত মৃত্যু হৈছে। আনহাতে দুচকীয়া বাহনত হেলমেট পৰিধান নকৰাৰ বাবে ৪৮ শতাংশ পথ দূৰ্ঘটনা সংঘটিত হয়। আগন্তুক ৩১ ডিচেম্বৰত যাতে এটাও পথ দূৰ্ঘটনা সংঘটিত নহয় আৰু কোনেও যাতে মৃত্যুমুখত নপৰে তাৰবাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কৰ্তব্য পালন কৰি আছোঁ বুলিও তেঁও উল্লেখ কৰে।লগতে তেঁও সকলোকে সুৰাপান কৰি যান-বাহন নচলাবলৈ আহ্বান জনায়। লগতে ঘন কুঁৱলীৰ সময়ত নিশাৰ ভাগত প্ৰয়োজন নহ’লে যান-বাহন চলোৱাৰ পৰা বিৰত থকাই উচিত। তাৰোপৰি তেঁও সকলোকে আহ্বান কৰি কয় যে গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰক। হেলমেট পৰিধান কৰি দুচকীয়া বাহন চলাওক। বনভোজ খাবলৈ গ’লেও গাড়ীৰ চালকে যাতে সুৰাপান কৰি গাড়ী নচলায় তাৰ প্ৰতি সকলোকে গুৰুত্ব দিয়ক।আমি পথ দূৰ্ঘটনাত নৱপ্ৰজন্মক হেৰুৱাব নিবিচাৰো বুলিও তেঁও কয়।