Local, Vocal, Global

বেঁকীৰ পাৰত যুৱকৰ দলে জীৱন্তে জ্বলালে যুৱতীক

বৰপেটা ৰোড: বৰপেটা ৰোডত নিশা আন্ধাৰৰ সুযোগ লৈ এটা যুৱকৰ দলে নৃশংসভাৱে জীৱন্ত অৱস্থাত জ্বলাই দিলে এগৰাকী যুৱতীক। বৰপেটা ৰোডৰ সমীপৰ তথা সৰভোগ আৰক্ষী থানা এলেকাৰ বেঁকী নদী দলঙৰ ওচৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এগৰাকী যুৱতীক ৰহস্যময় যুৱকৰ দলে জীৱন্তে জ্বলাই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।নিশা সংঘটিত হোৱা এই ঘটনা একাংশ লোকে প্ৰত্যক্ষ কৰে যদিও ৰাইজৰ উপস্থিতি তথা আৰক্ষী অহাৰ পূৰ্বে দুৰ্বৃত্তৰ দলটোৰ একাংশই অগ্নিদগ্ধ যুৱতীগৰাকীক লৈ উধাও হোৱাৰ ফলত সকলোৰে মনত আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। অৱশ্যে দুৰ্বত্তৰ দলটোৰ সহযোগী বুলি সন্দেহ কৰা এজন যুৱকক স্থানীয় লোকে আটক কৰি বৰপেটা ৰোড আৰক্ষীক গতাই দিছে যদিও তদন্তৰ খাতিৰত আৰক্ষীয়ে সবিশেষ তথ্য এই মুহূৰ্তলৈ প্ৰকাশ কৰা নাই।অৱশ্যে জীৱন্তে জ্বলাই দিয়া যুৱতীগৰাকী সৰভোগৰ চয়স্মিতা অধিকাৰী বুলি জানিব পৰা গৈছে।স্থানীয় লোকৰ মতে আজি নিশা প্ৰায় ৯.৪৫ বজাত বৰপেটা ৰোডৰ সমীপৰ তথা সৰভোগ আৰক্ষী থানা এলেকাৰ বেঁকী নদী দলঙৰ ওচৰত এখন বগা ৰঙৰ চুইফট ডিজায়াৰ গাড়ী ৰয়। ইয়াৰ পিছতে সেই স্থানত জুই জ্বলি উঠে আৰু এগৰাকী ছোৱালীৰ আতৰ্নাদ স্থানীয় লোকে শুনা পায়। সেই সময়তে একাধিক লোকে ঘটনাৰ ৰহস্য জানিবলৈ সেই স্থানলৈ ওলাই আহে। কিন্তু ঘটনাৰ ৰহস্য ফাদিল হোৱাৰ সম্ভাৱনা দেখি তৎক্ষনাতে অগ্নিদগ্ধ যুৱতীগৰাকীক লৈ দুৰ্বৃত্তৰ দলটোৱে গাড়ীখন লৈ বঙাইগাঁৱৰ দিশে আঁতৰি যায়। এই লোমহৰ্ষক ঘটনাৰ খবৰ পাই বৰপেটাৰোড আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।লক্ষণীয়ভাৱে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পে’ট্ৰলৰ বটল আৰু আধা জ্বলি যোৱা যুৱতীৰ কাপোৰ, জোতা উদ্ধাৰ কৰে।কিন্তু এই ঘটনাৰ আঁৰত কোন জড়িত তাৰ কোনো তথ্য পোহৰলৈ অহা নাই। কি পৰিস্থিতিত যুৱতীগৰাকীক যুৱকৰ এটা দলে জ্বলাই দিলে তাক লৈ এতিয়াও ৰহস্য অব্যাহত আছে।অগ্নিদগ্ধ যুৱতী গৰাকী বৰ্তমান বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে