কোকৰাঝাৰত IT উদ্যান উদ্বোধন: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ
কেন্দ্রীয় বস্ত্ৰ আৰু ৰে’ল ৰাজ্যমন্ত্ৰী দৰ্শনা বিক্ৰম জাৰ্দোশ আৰু বি টি আৰ চি ই এম প্ৰমোদ বড়োৰ উপস্থিতিত শণিবাৰে কোকৰাঝাৰৰ ওচৰৰ চান্দামাৰীৰ ইলাইচিঝাৰত নৱনিৰ্মিত তথ্য প্ৰযুক্তি ( IT) উদ্যান উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
এখন জাহাজৰ আকৃতিত সুন্দৰভাৱে ডিজাইন কৰা, সম্পূর্ণৰূপে কাৰ্যকৰী IT আন্ত:গাঁথনিৰ সৈতে পাঁচ মহলীয়া IT পাৰ্কত অনলাইন পৰীক্ষা দিয়াৰ সুবিধা আছে। লগতে ডিজিটেল ইণ্ডিয়া কাৰ্যালয়, প্ৰশিক্ষণ কোঠা, প্ৰেক্ষাগৃহ, ডিজিটেল লাইব্ৰেৰী, মাল্টিমিডিয়া কাৰ্যালয়, লীজত বিল্ড-ইন স্পেচ, কেফেটেৰিয়া আদিৰো সুবিধা আছে এই IT পাৰ্কত।
মুখ্যমন্ত্রীগৰাকীয়ে তাৰ পিছত কেন্দ্রীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ( CIT) কোকৰাঝাৰ, বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে এক মতবিনিময় অনুষ্ঠান কৰে। লগতে তেওঁ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সমস্যা সমাধানৰ আশ্বাস দিয়ে আৰু কয় যে তেওঁ ব্যক্তিগতভাৱে অহা বছৰৰ ২৪ জানুৱাৰীত প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰিব। উল্লেখ্য যে ৩৪ কৌটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল এই IT উদ্যানখন।