Local, Vocal, Global

শ্বিলঙত ১৮তম চানচিল্ক মেগা মিছ নৰ্থ-ইষ্ট

উত্তৰ-পূৱৰ ফেশ্বন আৰু প্ৰতিযোগিতা অনুষ্ঠানৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্ট শেহতীয়াকৈ শ্বিলঙৰ অল ছেইণ্টছ হলত চানচিল্ক মেগা মিছ নৰ্থ-ইষ্টৰ ১৮তম সংস্কৰণৰ বাবে অন্তিম পৰ্যায়ৰ অডিচন অনুষ্ঠিত হয়। মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ প্ৰাৰ্থীসকলে এই অডিচনত অংশগ্ৰহণ কৰে। আয়োজকসকলে এক বিবৃত্তিত কয় যে, তালিকাভুক্ত প্ৰাৰ্থীসকলৰ পৰা প্ৰতিযোগিতাৰ আয়োজকসকলে উত্তৰ-পূৱৰ আঠখন ৰাজ্যৰ পৰা ৫০ গৰাকী মহিলা বাছনি কৰিব যিসকলে ১৮ তম চানচিল্ক মেগা মিছ নৰ্থ-ইষ্টৰ খিতাপৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। এই প্ৰতিযোগিতাত নিম্নতম উচ্চতাৰ চৰ্ত প্ৰত্যাহাৰ কৰিছে যাতে প্ৰতিগৰাকী মহিলাই প্ৰতিভা আৰু আত্মবিশ্বাস প্ৰদৰ্শন কৰিবলৈ সুযোগ পায়।