Local, Vocal, Global

COVID-১৯ বুষ্টাৰ ড’জ এক কেলেংকাৰি

বিশ্বৰ বিপদাপন্ন দৰিদ্র দেশসমূহে ক’ভিড–১৯ৰ প্রথমটো ড’জৰ বাবে সংগ্রাম কৰিবলগীয়া পৰিস্থিতিৰ মাজত থকাৰ সময়তে ক’ভিড–১৯ বুষ্টাৰ ড’জ বিতৰণ এক কেলেংকাৰি ৷– এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেড্র’ছ আধানম গেব্রেয়েছাছৰ ৷ ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিক লৈ আয়োজিত সংবাদ মেলত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গেব্রেয়েছাছে ক’ভিড বুষ্টাৰ প্রসংগত মন্তব্য প্রকাশ কৰি কয় যে প্রতিদিনে দৰিদ্র দেশসমূহে তথা নিম্ন উপার্জনকাৰী দেশসমূহে প্রথমটো ড’জৰ বাবে অপেক্ষা কৰি থকাৰ সময়ত একাংশ দেশে ক’ভিড বুষ্টাৰৰ বিতৰণৰ আগ্রহ দেখুৱাই আছে ৷ এইক্ষেত্রত দৰিদ্র দেশসমূহক বঞ্চিত কৰি বুষ্টাৰ বিতৰণ কৰাটো এক কেলেংকাৰি ৷ আনপিনে, ইউৰোপত ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধিক লৈ উদ্বিগ্ণতা প্রকাশ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীয়ে ক’ভিড–১৯ এতিয়াও শেষ হোৱা নাই বুলি উল্লেখ কৰি বিশ্বৰ দেশসমূহক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাইছে ৷ লক্ষণীয় যে সম্প্রতি বিশ্ব স্বাস্থ্য সংস্থাই ভেকচিনৰ সংকটত পৰিছে ৷