মোদী চৰকাৰ দেশক সুৰক্ষা প্ৰদানৰ বাবে সামৰ্থ্যবান নহয় :ৰাহুল গান্ধী

মণিপুৰৰ চুড়াচান্দপুৰ জিলাত শনিবাৰে অসম ৰাইফলছৰ কনভয়ৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কামাণ্ডিং বিষয়াকে ধৰি পাঁচজন ভাৰতীয় সেনা বাহিনীৰ জোৱান আৰু দুজন সেনা বিষয়াৰ পৰিয়ালৰ লোকৰ মৃত্যু হোৱাৰ পাছতে চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
মণিপুৰৰ এম্বুশ্বৰ ঘটনাৰ পাছতে ৰাহুল গান্ধীয়ে মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ মণিপুৰৰ ঘটনাই পুনৰবাৰ মোদী চৰকাৰ দেশক সুৰক্ষা প্ৰদানৰ বাবে সামৰ্থ্যবান নহয় বুলি প্ৰমাণ কৰিছে বুলি সমালোচনা কৰে।
“মই শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। সমগ্ৰ দেশে তোমালোকৰ ত্যাগক মনত ৰাখিব,” ৰাহুল গান্ধীয়ে মণিপুৰ এম্বুশ্বত শ্বহীদ হোৱা জোৱান সকলক উদ্দেশ্যি এইদৰে কয়।
উল্লেখযোগ্য যে, অসম ৰাইফলছৰ ওপৰত সংঘটিত কৰা এম্বুশ্বৰ দায়িত্ব স্বীকাৰ কৰিছে পিপলছ লিবাৰেশ্যন আৰ্মি মণিপুৰ আৰু এম এন পি এফে।
ইপিনে, ভাৰতীয় সেনা বাহিনীয়েও আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদী সকলক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।
ভাৰতীয় সেনা বাহিনীয়ে সন্ত্ৰাসবাদী সকল যাতে সীমান্ত পাৰ হৈ ম্যানমাৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতিও যথেষ্ট সতৰ্ক হৈ আছে।