দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ, দুদিনৰ বাবে ঘোষণা হব নেকি লকডাউন?

ভয়ংকৰ বায়ু প্ৰদূষণ এতিয়া ৰাজধানী দিল্লীত, পৰিস্থিতি এনে হৈছেগৈ যে, প্ৰয়োজনত দিল্লীত দুদিনৰ বাবে লকডাউন ঘোষণা কৰিবলৈ পৰামৰ্শ দিলে উচ্চতম ন্যায়ালয়ে। লগতে মুখ্য ন্যায়াধীশে চৰকাৰক প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰি ৰাজধানী চহৰখনক দিল্লীক প্ৰদূষণৰ কৱলৰ পৰা মুক্ত কৰাৰ পৰামৰ্শ দিছে।
দিল্লীত প্ৰদূষণ ইমানেই বাঢ়িছে যে, দেশৰ ৰাজধানী চহৰত এতিয়া সাধাৰণ লোকে ঘৰতে মাস্ক লগাই থাকিব লগীয়া হৈছে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কেন্দ্ৰীয় চৰকাৰক ৰাজধানী চহৰখনৰ বায়ু মণ্ডলৰ মান উন্নত কৰিবলৈ জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈও কয়। মুখ্য ন্যায়াধীশ গৰাকীয়ে কয়, আপোনালোকে আমাক কওক কি প্ৰক্ৰিয়াৰ দ্বাৰা AQI(air quality index) লেভেল মান উন্নত কৰিব পৰা যায়।