Local, Vocal, Global

নিয়ন্ত্ৰণহীন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে ৬জন লোকক

আৰক্ষীয়ে জনোৱা হৈছে যে মঙলবাৰে উত্তৰ প্ৰদেশৰ মহম্মদাবাদ অঞ্চলৰ আহিৰাউলি গাঁৱত এখন ট্ৰাকে মহতিয়াই লৈ যোৱাৰ ফলত এজন কিশোৰসহ ছয়জন লোক নিহত হয়।

ভুক্তভোগীসকলক উমাশংকৰ যাদৱ (৫০), বীৰেন্দ্ৰ ৰাম (৪৫), চন্দ্ৰ মোহন ৰায় (৪৫) আৰু বিহাৰী কুশৱাহা (৩৫), সতয়েন্দ্ৰ ঠাকুৰ (২৮), গোলু যাদৱ (১৫) বুলি চিনাক্ত কৰা হৈছে । দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দোকানত খুন্দা মাৰিছিল, আৰক্ষীয়ে কয়।

ঘটনাটোৰ পিছত, স্থানীয় লোকে ট্ৰাক চালকজনক ধৰিছিল আৰু তেওঁক প্ৰহাৰ কৰিছিল।তেওঁক জিম্মাত লোৱা হৈছে, আৰক্ষীয়ে কয়।

স্থানীয় লোকসকলে ৰাস্তাত একত্ৰিত হৈছিল, ভুক্তভোগী সকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ দাবী কৰিছিল। জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষককে ধৰি জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ঘটনাটোৰ কেইঘণ্টামান পিছত, এক চৰকাৰী বিবৃতিত, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সকলো ভুক্তভোগীৰ পৰিয়ালক ২ লাখ আৰ্থিক সাহায্য ঘোষণা কৰে। তেওঁ বিষয়াসকলক পৰিয়ালবোৰক সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছিল।