বেলতলা হত্যা গোচৰ: প্ৰধান অভিযুক্ত আকাশে হত্যাৰ কথা স্বীকাৰ কৰিছে

বেলতলাত এজন বৃদ্ধ দম্পতীৰ হত্যাৰ গোচৰৰ মুখ্য অভিযুক্ত আকাশ দাস ওৰফে ৰামুৱে বৃহস্পতিবাৰে নিশা আৰক্ষীৰ জেৰাত হত্যাৰ কথা স্বীকাৰ কৰে।
আকাশ দাসৰ স্বীকাৰোক্তিৰ সন্দৰ্ভত আৰক্ষীয়ে আৰু কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই। যুটীয়া আৰক্ষী আয়ুক্তৰ উপস্থিতিত প্ৰধান অভিযুক্ত আকাশক পুনৰ বশিষ্ঠ আৰক্ষী থানাত জেৰা কৰা হ’ব।
আকাশৰ পত্নী পুতু দাসকো শুক্ৰবাৰে বশিষ্ঠ আৰক্ষী থানালৈ অনা হৈছে। ইয়াৰ পিছত গোটেই ঘটনাটো সম্পূৰ্ণৰূপে প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে।
সম্পত্তিৰ প্ৰলোভনত বৃদ্ধ দম্পতী নানী গোপাল বৰুৱা আৰু মীনু বৰুৱাক হত্যা কৰাৰ সন্দেহত তত্ত্বাৱধায়ক আকাশ দাসক গ্ৰেপ্তাৰ কৰা হৈছিল।