চাহ উদ্যোগৰ লোকচান ১৫০০ কোটি

ক’ভিডসৃষ্ট জটিল পৰিস্থিতিত বিপর্যস্ত অসমৰ চাহ উদ্যোগে চলিত বর্ষত আন এক ভয়ংকৰ দুর্যোগৰ সন্মুখীন হৈছে ৷ যাৰ পৰিণতিত ৰাজ্যৰ অর্থনীতিৰ অন্যতম মেৰুদণ্ড স্বৰূপ চাহ উদ্যোগটোৰ উৎপাদন ব্যাপক হাৰত হ্রাস পাব৷ চাহ উদ্যোগটোৰ এনে দুর্যোগৰ মূলতে জলবায়ু পৰিৱর্তনৰ বিৰূপ প্রভাৱত এইবাৰ বৰষুণৰ পৰিমাণ অভাৱনীয়ভাৱে কমি যোৱা আৰু কয়লাৰ নাটনি তথা আকাশলংঘী মূল্যবৃদ্ধি৷ স্বাভাৱিক অৱস্থাত অসমে প্রতিবছৰে ৭২০ মিলিয়ন কিলোগ্রাম চাহ উৎপাদন কৰে ৷
বিগত ২০১৯ বর্ষলৈকে এই হিচাপতে অসমত চাহ উৎপাদন হৈছিল ৷ কিন্তু মহামাৰী ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত যোৱা বর্ষত চাহ উৎপাদনৰ পৰিমাণ ১০০ মিলিয়ন কিলোগ্রাম হ্রাস পায় ৷ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে এইবাৰ চাহ উদ্যোগটোৱে প্রাণ পাই উঠিব বুলি ভবা হৈছিল যদিও সেয়া বাস্তৱ নহ’ল ৷ এইবাৰ প্রতিবন্ধকতাৰ কাৰক হৈ উঠে প্রকৃতি ৷ চলিত অক্টোবৰ মাহৰ মাজভাগলৈকে বৰষুণৰ পৰিমাণ অভাৱনীয়ভাৱে হ্রাস পোৱাত নেতিবাচক প্রভাৱ পৰে চাহ উৎপাদনত ৷ এই সন্দর্ভত নর্থ–ইষ্টার্ন টী এছ’চিয়েচনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে সদৰী কৰা অনুসৰি শেহতীয়াভাৱে বৰষুণ হ’লেও বিগত মাহকেইটাত অভাৱনীয়ভাৱে বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ ফলত এই বছৰো কমেও ১০০ মিলিয়ন কিলোগ্রাম চাহৰ উৎপাদন ৰাজ্যত কমিব ৷ ইয়াৰ ফলত ৰাজ্যখনৰ চাহ উদ্যোগে এটা বছৰতে লোকচান ভৰিব লাগিব প্রায় ১৫০০ কোটি টকা ৷
অর্থাৎ বিগত আৰু চলিত বর্ষত চাহ উদ্যোগটোৰ সামগ্রিক লোকচানৰ পৰিমাণ ৩,০০০ কোটি টকা হ’ব ৷ মন কৰিবলগীয়া যে ৰাজ্যৰ বৰাক আৰু ব্রহ্মপুত্র দুয়োখন উপত্যকা মিলি প্রায় ৮০০খন বৃহৎ বাগিচা থকাৰ লগতে ১.৫০ লাখ ক্ষুদ্র খেতিয়ক চাহ উদ্যোগটোৰ সৈতে জড়িত হৈ আছে ৷ ক’ভিড–১৯ৰ পৰিণতিত বিগত বর্ষত উৎপাদন হ্রাসৰ ফলত বৃহৎ বাগিচাৰ সমান্তৰালভাৱে ক্ষুদ্র চাহ খেতিয়কসকলো সংকটৰ সন্মুখীন হৈছিল ৷ এইবাৰো অনুৰূপ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাই প্রকট বুলি বৰকাকতিয়ে মন্তব্য কৰে৷ ইফালে প্রকৃতিসৃষ্ট এই সংকটৰ মাজতে কয়লাৰ নাটনি তথা ইয়াৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে চাহ উদ্যোগৰে জড়িতসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ এই সন্দর্ভত নর্থ–ইষ্টার্ন টী এছ’চিয়েচনৰ উপদেষ্টা বৰকাকতিয়ে জানিবলৈ দিয়া মতে অসমত মুঠ ৮০৪ টা ফেক্টৰী আছে ৷
বৰষুণৰ পৰিমাণ হ্রাস–কয়লাৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে সাৰৰ নাটনি আৰু সঘন বিদ্যুৎ কর্তনো চাহ উদ্যোগটোৰ বাবে আন এক কাৰক হৈ পৰা বুলি জানিবলৈ দিয়ে বৰকাকতিয়ে ৷
উল্লেখ্য যে দেশৰ মুঠ চাহ উৎপাদনৰ ৮০ শতাংশই হৈছে উত্তৰ–পূর্বাঞ্চলৰ৷ উত্তৰ–পূর্বাঞ্চলত উৎপাদিত চাহৰ বেছি ভাগেই অসমে উৎপাদন কৰে ৷ অসমৰ দৰে উত্তৰ–পূর্বাঞ্চলৰ চাহ উৎপাদনত জড়িত আন ৰাজ্য বিশেষকৈ ছিকিমেও সংকটৰ সন্মুখীন হৈছে ৷ ছিকিমৰ চাহ উদ্যোগৰ সংকটৰ মূল কাৰণ হ’ল কয়লাৰ নাটনি–আকাশলংঘী মূল্যবৃদ্ধি ৷ এনে দুর্যোগপূর্ণ অৱস্থাৰ পৰা পৰিত্রাণ বিচাৰি শেহতীয়াকৈ টী এছ’চিয়েচন অৱ ইণ্ডিয়াই বিষয়টোত কেন্দ্রীয় বাণিজ্য–উদ্যোগমন্ত্রী পীয়ুষ গোৱেলৰ হস্তক্ষেপ দাবী কৰিছে ৷ এতিয়া এই বিষয়টোক কেন্দ্র–ৰাজ্য উভয় চৰকাৰে কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷