Local, Vocal, Global

কৃষি ভূমিত ইটা ভাটা নিৰ্মাণক লৈ ৰাইজৰ প্ৰতিবাদ

জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত সংকুচিত হৈ আহিছে কৃষি ভূমি। তাৰ মাজতে আকৌ একাংশই কৃষি ভূমিতে অবৈধ ভাবে নিৰ্মাণ কৰিছে ইটা ভাটা। নগাঁও জিলাৰ বটদ্ৰৱাৰ সমষ্টিৰ অন্তৰ্গত ৰাইডঙীয়া বগৰিগুৰি পথাৰত অবৈধ ভাৱে গঢ় লৈ উঠা এটা ইটা ভাটাই অঞ্চলটোৰ কৃষকসকলৰ মাজত হাঁহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাইডঙীয়াৰ কৃষি ভূমিত কেইজনমান দুষ্ট প্ৰকৃতিৰ লোকে চৰকাৰৰ নীতি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি পথাৰৰ উপচা ধাননিৰ মাজত ইটা ভাটা নিৰ্মাণ কৰে। কিন্তু সকলো দেখিও কুম্ভকৰ্ণ নিদ্রাত জিলা প্ৰশাসন।

যাৰ বাবে জাঙুৰ খাই উঠিছে ৰাইডঙীয়া অঞ্চলৰ কৃষকৰ লগতে স্থানীয় ৰাইজ আৰু দল সংগঠন। উল্লেখ্য যে, ধাননি পথাৰৰ মাজত নিৰ্মাণ কৰা ইটা ভাটাৰ ফলত পৰিবেশ বিনষ্ট হোৱাৰ আশংকাত ৰাইডঙীয়া বাসীয়ে বিগত ছমাহ পূৰ্বেই বিৰোধীতা কৰিছিল। আৰু তেতিয়াই নিৰ্মীয়মান ইটা ভাটা বন্ধ কৰিবলৈ স্থানীয় কেইবাটাও দল সংগঠনে নগাঁও জিলাৰ উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছিল। তাৰ পিছতো কৃষি, বন, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু স্থানীয় পঞ্চায়তৰ ৰহস্যজনক ভূমিকাৰ বাবে আজিও বন্ধ হোৱা নাই ইটাভাটা।

অৱশেষত স্থানীয় ৰাইজে পথাৰৰ মাজত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।কৃষকৰ কথা চিন্তা কৰি ধাননি পথাৰৰ মাজত নিৰ্মাণ কৰা ইটা ভাটাটো বন্ধ কৰি কৃষি ভূমি সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰে। লগতে সভাত সকলোৱে একেমুখে নগাঁও জিলাত কাঠফুলাৰ দৰে গঢ়ি উঠা ইটা ভাটা সমূহ চৰকাৰে যদি নিয়ন্ত্রণ নকৰে তেন্তে পৰিবেশ বিনষ্ট হোৱাৰ উপৰিও কৃষক সকলৰ পানীত হাঁহ নচৰা পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি মন্তব্য কৰে। প্ৰতিবাদী সভাত পাছত পৰিস্থিতি উত্তপ্ত হোৱাৰ শংকাত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ লোক মোতায়ন কৰা হয়।