ডবকাৰ নীলবাগানত ধনৰ লেনদেনক লৈ প্ৰচণ্ড মাৰপিঠ

ডবকাৰ নীলবাগানত ধনৰ লেনদেনক লৈ প্ৰচণ্ড মাৰপিঠ । নীলবাগানৰ হোটেল মাচুমাত মাতি আনি প্ৰহাৰ কৰে গুণ্ডা প্ৰকৃতিৰ এটা যুৱকৰ দলে ।
হোটেলৰ চকীৰে আক্ৰমন কৰে গুণ্ডাবাহীনিয়ে । অভিযুক্তসকলৰ নাম মইদুল ইছলাম,জমিৰ উদ্দিন,মুজাক্কিৰ,ফয়চল,ছইদুআলম ।
আহত হৈছে মহাম্মদ মাৰুফ ৷ হোটেলৰ চি চি কেমেৰাত বন্ধী মাৰপিঠৰ সমগ্ৰ দৃশ্য৷
অভিযুক্তসকলে নগদ ৬২ হাজাৰ টকা লোট কৰি নিয়াৰ অভিযোগ ৷ ঘটনা সংঘটিত কৰি পলায়ন অভিযুক্তসকলৰ৷
আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷