Local, Vocal, Global

আপুনি বাৰু আপোনাৰ বাহন খন তীব্ৰ গতিত চলাই নেকি

আপুনি বাৰু আপোনাৰ বাহন খন তীব্ৰ গতিত চলাই নেকি? তেন্তে কাজিৰঙাৰ মাজেৰে গাড়ী চলাওটে সাৱধান ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই গাড়ীৰ গতি বেগ নিয়ন্ত্ৰণৰ বাবে হাতত লৈছে ন ন কৌশল । গাড়ীৰ গতি বেগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

 

কাৰ্য্যালয়ত বহিয়েই গাড়ীৰ গতি বেগৰ ওপৰত নজৰ ৰাখিছে বন বিভাগে । ৪০ কিলোমিটাৰতকৈ অধিক বেগত গ’লেই গাড়ীৰ চালক সকলে ভৰিব লাগিব জৰিমনা ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলীক কাৰ্য্যালয়ত বনকৰ্মী সকলে ৰাখিছে তীক্ষ্ণ দৃষ্টি ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজে মাজে স্থাপন কৰা গাড়ীৰ গতি বেগ নিয়ন্ত্ৰণ যন্ত্ৰৰ সকলো তথ্য কাৰ্য্যালয়ত বহিয়েই নিৰীক্ষণ কৰি আছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ দুটাকৈ স্থানত সংস্থাপিত কৰা হৈছে অত্যাধুনিক চেনচৰ কেমেৰা।

স্পৰ্শকাতৰ অঞ্চল তথা এনিমেল ক’ৰিডৰত সংস্থাপিত কৰা হৈছে উন্নত প্ৰযুক্তিৰ চেনচৰ কেমেৰা।ৰাজপথৰে যোৱা প্ৰতিখন গাড়ী মণিটৰিং কৰে চেনচৰ কেমেৰাই।বিশেষকৈ কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰাৰ এই সময়ছোৱাত অধিক কঠোৰ হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল কৰ্তৃপক্ষ।