অসমৰ সাংস্কৃতিক জগতৰ অন্যতম ভেটি গঢ়োতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি জন্মবাৰ্ষিকী
আজি ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মবাৰ্ষিকী ৷ অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে সাংস্কৃতিকনগৰী তেজপুৰতো মহান মনিষী শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোৱৰণ কৰা হয় ৷ অসমৰ সাংস্কৃতিক জগতৰ অন্যতম ভেটি গঢ়োতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ১১৮ সংখ্যক জন্মদিন ৷
১৯০৩ চনৰ ১৭জুনত জন্ম গ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৷ অসমীয়া ছবি জগতৰ গুৰি ধৰোতা আগৰৱালাৰ কৰ্ম আৰু সাধনাৰ স্থলী শোণিতপুৰৰ ৰূপকোঁৱৰৰ পৈতৃক গৃহ তথা বৰ্তমান অসম চৰকাৰৰ অধীনস্থ ‘জ্যোতি ভাৰতী’ত ক’ভিড প্ৰট’কলৰ মাজত অনুষ্ঠিত হয় অনাড়ম্বৰ অনুষ্ঠান ৷
এই অনুষ্ঠানত শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজি পুৱা শিল্পী গৰাকীৰ জন্ম দিন উপলক্ষে জ্যোতি ভাৰতীৰ চৌহদত স্হাপন কৰা ৰূপকোঁৱৰৰ আবক্ষ মূৰ্তিত জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন দাসে এগছি বন্তি প্ৰজ্বলন কৰাৰ লগে লগে জ্যোতি ভাৰতীৰ কৰ্মচাৰী আৰু শিল্পী সকলে মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।