Local, Vocal, Global

মেক্সিকোত অৰণ্য গঢ়িবলৈ যাব অসমৰ অৰণ্যমানৱ যাদৱ পায়েং

অৰণ্য গঢ়িবলৈ যাব মেক্সিকোত প্ৰকৃতিবিদ যাদৱ পায়েং।মেক্সিকো চৰকাৰে অসমৰ যাদৱ পায়েঙক প্ৰতি বছৰে তিনি মাহ থকাকৈ দহ বছৰলৈ মেক্সিকোলৈ আমন্ত্ৰণ জনাইছে।যাদৱ পায়েঙক দক্ষিণ আমেৰিকাৰ মেক্সিকো চৰকাৰে সন্মান জনাই প্ৰদান কৰিছে ১০ বছৰৰ ভিছা।মেক্সিকোত গছপুলি ৰোপণ কৰিবলৈ চৰকাৰে আঠ লাখ হেক্টৰ মাটি লৈছে।
এই বৃহৎ প্ৰকল্প ৰূপায়ণৰ বাবে অসমৰ অৰণ্যমানৱ যাদৱ পায়েঙৰ সৈতে মেক্সিকোৰ চৰকাৰে কৰিছে এক বিশেষ চুক্তি।উল্লেখযোগ্য যে,বৰ্ষাকাল আৰম্ভ হোৱাৰ লগে লগে মেক্সিকোলৈ গৈ উক্ত বৃহৎ পৰিসৰৰ মাটিত বৃক্ষ ৰোপণৰ তদাৰক কৰিব লাগিব যাদৱ পায়েঙে।দৈনিক এক লাখ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীয়ে যাদৱ পায়েঙৰ সৈতে বৃক্ষ ৰোপণৰ কামত অংশ গ্ৰহণ কৰিব।চেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে মেক্সিকোত থাকি প্ৰতি বছৰে এই আঠ লাখ হেক্টৰৰ বৃহৎ এলেকাৰ মাটিত বৃক্ষ ৰোপণ কৰিব যাদৱ পায়েঙে।বিদেশত গছপুলি ৰোপণৰ এই বৃহৎ প্ৰকল্পৰ তদাৰক কৰিবলৈ যাওঁতে মেক্সিকোত ৰুবৰ বাবে অসমৰ পৰা এটা তামোল পুলি আৰু এটা নাৰিকলৰ পুলি লৈ যাব যাদৱ পায়েঙে।