শীঘ্ৰে কৰা হ’ব নিযুক্তি বনবিভাগত খালী আছে পদ

লাখ যুৱক–যুৱতীক বিভিন্ন পদত নিযুক্তি দিয়াৰ ঘোষণা কৰাৰ পিছতেই প্ৰত্যেকটো বিভাগে নিজা বিভাগীয় খালী পদ সমূহৰ মূল্যাংকণ অব্যাহত ৰাখিছে অসম চৰকাৰে। ৰাজ্য চৰকাৰে লোৱা এই যুগান্তকাৰী সিদ্ধান্তৰ পিছত বনবিভাগত ৩,০০০ টা পদ খালী থকা বুলি প্ৰকাশ কৰিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ বনমন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুযায়ী বিগত বর্ষত বিভাগে ১,২৫০টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷