গুৱাহাটীক বানমুক্ত কৰাৰ বাবে পৌৰ নিগমৰ দিনে-নিশাই চলিছে চাফাই কাম…

মহানগৰীৰ গুৱাহাটী কৃত্রিম বান নিয়ন্ত্রণৰ বাবে পৌৰ নিগমে দিনে–নিশাই চলাইছে নলা–নর্দমা নিষ্কাশনৰ কাম ৷ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘলৰ নির্দেশমর্মে পৌৰ নিগমে মহানগৰীৰ সকলো নলা–নর্দমা নিষ্কাশনৰ লগতে বাৰিষাৰ সময়ছোৱাত যাতে কৃত্রিম বানৰ ফলত কোনো অঘটন ঘটিব নোৱাৰে, তাৰ বাবে সতর্কতাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷বিশেষকৈ মহানগৰীৰ অলিয়ে–গলিয়ে থকা বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি কৰাৰ বাবে পৌৰ নিগমে বিভাগীয় কর্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে৷ বাৰিষাৰ সময়ছোৱাত কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা অনিল নগৰ, নবীন নগৰকে ধৰি হাতীগাঁও, লখৰা, বশিষ্ঠ আদিকে ধৰি মহানগৰীৰ ভিন্ন অঞ্চলত ক্ষিপ্রতাৰে চলিছে নলা নিষ্কাশন৷ তদুপৰি মহানগৰীৰ বাহিনী নৈৰ দুয়োকাষে থকা ঘাঁহ–বন আৰু আৱর্জনা নিষ্কাশনৰ ক্ষেত্রতো গুৱাহাটী পৌৰ নিগমে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ তদুপৰি মহানগৰীৰ পথ, উপপথত থকা আৱর্জনা নিষ্কাশনৰো কাম দিনে–নিশাই পৌৰ নিগমৰ কর্মীসকলে কৰি থকা পৰিলক্ষিত হৈছে৷ বিগত কেইবাদিনো ধৰি সান্ধ্য আইনৰ মাজতে নিশাৰ ভাগতো পৌৰ নিগমৰ কর্মচাৰীয়ে ৰাজপথৰ আৱর্জনা পৰিষ্কাৰ কৰি আহিছে৷ কৃত্রিম বান সমস্যা সমাধানৰ বাবে ভৰলু নদীৰ খনন কার্যও অব্যাহত ৰাখিছে৷