ধুবুৰীৰ DSP যতীন দাসক গুৱাহাটীলৈ প্ৰেৰণ,আজি আদালতত হাজিৰ কৰা হব

ধুবুৰীৰ DSP যতীন দাসক গুৱাহাটীলৈ প্ৰেৰণ,আজি আদালতত হাজিৰ কৰা হব ।
ধুবুৰীত ছিণ্ডিকেটৰ লগত জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ DSP(B) যতীন দাসক গুৱাহাটীলৈ প্ৰেৰণ । গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰা হব ।যতীন দাসৰ লগত গ্ৰেপ্তাৰ হোৱা কিংপিন ৰফিকুল পাৰমানিককো হাজিৰ কৰা হব আদালতত ।ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছিল সীমান্ত উপ-আৰক্ষী অধিক্ষক গৰাকীক । কেইবাটাও ছিণ্ডিকেটৰ লগত জড়িত আছিল বুলি অভিযোগ উঠিছে । ৰবিবাৰে আৰক্ষীৰ অভিযানত হৈছিল ৰফিকুল(ছফি)। ছফীয়ে এজেন্ট হিচাপে কাম কৰিছিল যতীন দাসৰ ।