Local, Vocal, Global

পত্নীৰ নজৰ স্বামীৰ মোবাইল! পিছত ভৰিলে ১লাখ টকাৰ জৰিমনা

পত্নীৰ নজৰ স্বামীৰ মোবাইল! পিছত ভৰিলে ১লাখ টকাৰ জৰিমনা । বহুতে ভাৱে বিয়া হোৱাৰ পিছত বা প্ৰেমৰ সম্পৰ্ক থাকিলে সকলো অধিকাৰ মানে এজন আনজনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰিব পাৰে । আকৌ বহুতে ভাৱে সম্পৰ্ক থাকিলে প্ৰাইভেট বুলি একো নাথাকে সেয়ে এজনে আনজনৰ সকলো প্ৰাইভেট খোচৰাৰ আৰম্ভ কৰি দিয়ে । নিজৰ সংগীৰ সকলো নিজৰ ভাবি খোচৰীবো আৰম্ভ কৰে । এনেকুৱা চিন্তাৰ বাবে এইবাৰ ১লাখ টকাৰ জৰিমণা দিব লগা হল ডুবাইৰ এগৰাকী পত্নীয়ে । স্থানীয় খালেজ টাইমছৰ খবৰ অনুসৰি স্বামীয়ে আদালতত পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজো কৰিছে কাৰণ সকলো প্ৰাইভেট বস্তু গোপনে চোৱাৰ বাবে ।