এগৰাকী মহিলাই ২ ফুট উচ্চতাৰ, ৫.৫ কেজি ওজনৰ সন্তান জন্ম দিলে,প্ৰায় দুগুণ আকাৰত

সাধাৰণ নৱজাতকৰ তুলনাত এই শিশুৰ আকাৰ প্ৰায় দুগুণ।বিশেষ মাপ স্কেল বা ওজন জোখা কোনো যন্ত্ৰই দিয়া নাই কাম,ইমানেই ডাঙৰ শিশু ! ইংলেণ্ডৰ এগৰাকী ২৭ বছৰীয়া মহিলাই এনে এটি সন্তান জন্ম দিলে।প্ৰসৱৰ সময়ত শিশুটিক বাহিৰ কৰাটো সম্ভৱ নাছিল।দুজনৰ চেষ্টাত ভূমিষ্ঠ হয় সন্তানটি।সদ্যোজাত শিশুটিৰ ওজন প্ৰায় ৫.৫ কেজি। উচ্চতা প্ৰায় ২ ফুট।মাৰ্চৰ ২৫ তাৰিখে এমি আৰু তেওঁৰ স্বামী জেকীৰ সংসাৰলৈ আহিল পুত্ৰ সন্তান।জ্যাগৰী সদ্যোজাতৰ নাম ৰখা হৈছে ।এতিয়া এই সন্তানটিয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।