অশান্ত সময়ত মানুহৰ মন জীপাল কৰাৰ যেন প্ৰয়াস কৰিছে প্ৰকৃতিয়ে
অশান্ত সময়ত মানুহৰ মন জীপাল কৰাৰ যেন প্ৰয়াস কৰিছে প্ৰকৃতিয়ে ৷ ৰং বিৰঙৰ ফুলেৰে সজাই তুলিছে ধৰণী
কৰোণাই সৃষ্টি কৰা সংশয়, উদ্বেগ,আৰু সন্দেহৰ মাজতে যেন প্ৰকৃতিয়ে মানুহৰ মাজলৈ আনিছে কিছু আশাব্যঞ্জক বতৰা ৷এতিয়া প্ৰকৃতিৰ ৰং বিৰঙী ফুলেৰে জাতিস্কাৰ৷চৌদিশে নানাৰঙী ফুলৰ মেলা ৷কৰোণাৰ বাবে গৃহবন্দী মানুহৰ মনত কিছু প্ৰশান্তি বিয়পাই জীৱনত আশাৰ সঞ্চাৰ কৰিবৰ বাবেই যেন নীৰবে সাজিকাঁচি ওলাইছে নিৰ্মল প্ৰকৃতি ৷ সংগোপনে ৰূপ সলনি হৈছে প্ৰকৃতিৰ ৷ আকাশ ভৰি ফুলা কৃষ্ণচূড়া , ৰাধাচূড়া , সোণাৰু , এজাৰৰ হেজাৰ হেজাৰ পাহিয়ে ৰঙীন কৰি তুলিছে ধৰাৰ বক্ষ ৷ প্ৰকৃতিৰ ৰঙত মায়াময় হৈ পৰিছে ধৰণী৷ ফুলিছে কৃষ্ণচূড়া আৰু এজাৰ, পিছে বেজাৰ লগাবলৈ নহয় ৷ কৰোণাসৃষ্ট মনৰ পৰা অৱসাদ আঁতৰাবলৈ গছ ভৰি ফুলিছে এজাৰ ৷
“”এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ ”,,,,,,,,,,,,,,,,
ইফালে বাৰিষাৰ আৰম্ভনিৰ সেমেকা পৰিবেশতো জিলিকিছে সোনাৰুৰ হালধীয়া হাঁহি ৷ তলসৰা ফুলে যেন পাতি দিছে ৰঙৰ দলিচা ৷ কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, সোণাৰুৰ ফুলে পুলকিত কৰি তুলিছে পথচাৰীৰ মন ৷ মায়াময় প্ৰকৃতিৰ সৃষ্টিৰ বতৰা আগত লৈ পথচাৰীয়ে ৰচিছে কবিতা ৷
ফাগুনৰ মাজতেই যেন
পখীবোৰে বিছাৰি পাইছিল
বসন্তৰ সুবাস
লাহে লাহে উৰিবও শিকিছিল
সপোনবোৰ বিছিৰি যেন
গতি কৰিছে বাধাৰ প্ৰচীৰ নেওচি
হদয়ৰ উদাসীনতাবোৰ যেন বিলিন কৰি দিছে
হলধীয়া ৰঙাৰ মাজত
যেন আৱিৰ্ভাব হৈছে এক নতুন প্ৰভাতৰ …. … … … ……