১ মে’ৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ১৮ বৰ্ষৰ উৰ্দ্ধৰ লোকসকলৰ প্ৰতিষেধক টিকাকৰণ কাৰ্যসূচী
ৰাজ্যত ক’ভিডৰ সন্ত্ৰাসৰ মাজতে প্ৰতিষেধকৰ অভাৱ নহয় বুলি জনাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুকুৰবাৰে কেন্দ্ৰই ৰাজ্য চৰকাৰক প্ৰেৰণ কৰিছে ক’ভিডৰ প্ৰায় পাঁচ লাখ প্ৰতিষেধক।
১ মে’ৰ পৰা হ’বলগীয়া ১৮ বছৰৰ ওপৰৰ লোকৰ প্ৰতিষেধক টিকাকৰণৰ বাবে এইসমূহ প্ৰতিষেধক ৰাজ্যলৈ আহিছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি, অসমে লাভ কৰিছে ক’ভিশ্বীল্ড আৰু ক’ভাক্সিনৰ প্ৰায় ৫ লাখ পালি। ক’ভিশ্বীল্ডৰ ৩,৭১,৪৮০ পালি আৰু ক’ভাক্সিনৰ ১,২৮,৮৩০ পালি প্ৰতিষেধক অসম আহি পাইছে বুলি টুইটযোগে জনায় হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰেও ৰাজ্যলৈ আহিছিল পাঁচ লাভ প্ৰতিষেধক। ইয়াৰ ভিতৰত ৪ লাখ ক’ভিশ্বীল্ড আৰু ১ লাখ ক’ভাক্সিন প্ৰতিষেধক পালি আছিল।১৮ উৰ্দ্ধৰ বাবে অসমলৈ ৫ লাখ প্ৰতিষেধক|