Local, Vocal, Global

সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত উজ্বলি উঠিল অসম কন্যাৰ নাম

সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত উজ্বলি উঠিছে অসম কন্যাৰ নাম । নিজৰ মেধা আৰু প্ৰতিভাৰ ফলত চকু চিকিৎসা বিষয়ৰ ছাত্ৰী অনন্যা গোস্বামীয়ে লাভ কৰে স্বর্ণপদক । ২০২০ বৰ্ষৰ স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় ডাঃ গোস্বামীয়ে । এইমছৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত ডাঃ গোস্বামীক স্বৰ্ণপদক আৰু এখন মানপত্ৰৰে সন্মানিত কৰা হয়। অনন্যা গোস্বামী গুৱাহাটীৰ বিশিষ্ট চকু চিকিৎসকদ্বয় ডাঃ শুভ্ৰ কিংকৰ গোস্বামী আৰু ডাঃ বিজুলী গোস্বামীৰ কন্যা।