Local, Vocal, Global

লাইভ শ্ব’ চলি থাকোঁতে হঠাৎ এংকৰৰ মূৰৰ ওপৰত খহি পৰিল বেকড্ৰপ

ইএছপিএন নামৰ কলম্বিয়াৰ এটা টেলিভিছন চেনেলৰ লাইভ শ্ব’ চলি থাকোঁতে সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা৷ শ্ব চলি থকাৰ মাজতে হঠাৎ এংকৰৰ মূৰৰ ওপৰত খহিপৰিল এংকৰৰ পিছফালে থকা বেকড্ৰপ৷ এংকৰৰ দ্বায়িত্বত থকা কাৰ্লোচ অৰ্ডুজ সৌভাগ্যক্ৰমে গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে৷ এই ঘটনা সংঘটিত হোৱাত নাকৰ অংশত সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় কাৰ্লোচ৷