Local, Vocal, Global

১২ মহলাৰ পৰা সৰি পৰিল এটি ২ বছৰীয়া কণমানি, তাৰ পিছত কি হ’ল?

ভিয়েটনামৰ হানোইত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এটি ২ বছৰীয়া শিশু অট্টালিকাৰ ১২ মহলাৰ পৰা হঠাৎ সৰি পৰিল তললৈ। আৰু তেতিয়া এখন ট্ৰাকত সামগ্ৰী দিবলৈ অহা এজন ডেলিভাৰী বয়ে প্ৰাণ ৰক্ষা কৰে শিশুটিৰ। উল্লেখযোগ্য যে ডেলিভাৰী বয়জনে হঠাৎ ওপৰলৈ চাওঁতে দেখা পালে বেলকনীত এটি শিশু ওলমি থকা দৃশ্য। আৰু তেতিয়াই হঠাৎ তললৈ সৰি পৰিল শিশুটি। লগে লগে থাপ মাৰি ধৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ’ল শিশুটিৰ। সামান্য আঘাতৰ বাহিৰে কোনো ক্ষতি নহ’ল কণমানিটিৰ। গিউয়েন নাগোচমান নামৰ ডেলিভাৰী বয়জন এতিয়া হৈ পৰিল বিশ্বজুৰি প্ৰশংসাৰ পাত্ৰ।