ক্ৰিকেটাৰক ‘মেন অফ দা মেচ’ বঁটা হিচাপে দিয়া হল ৫ লিটাৰ পেট্ৰল

পেট্ৰল – ডিজেলৰ বৰ্ধিত মুল্যই দেশৰ জনসাধাৰণক কোঙা কৰি পেলাইছে । পেট্ৰল- ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে বৃদ্ধি হৈছে অন্যান্য সামগ্ৰীৰো দাম । এনে বৰ্ধিত মূল্যৰই সৃষ্টি কৰা হতাশাৰ মাজতো কিছুমান লোকে বিচাৰি উলিয়াইচে আচহুৱা প্ৰতিবাদৰ পথ ।
কিছুদিনৰ পূর্বে পেট্ৰলৰ মূল্য বৃদ্ধিৰ প্ৰতি প্ৰতিবাদ সাব্যস্ত কৰি এজন ক্ৰিকেটাৰক অলপতে ভূপালৰ এখন ক্ৰিকেট টুৰ্ণামেণ্টৰ মেন অৱ দা মেচ বঁটা হিচাপে ৫ লিটাৰ পেট্ৰল দিয়া হৈছিল ।
চূড়ান্ত খেলখন অনুষ্ঠিত হৈছিল দেওবাৰে । চালাউদ্দীন আব্বাচি নামৰ খেলুৱৈজনে খেলখনৰ ‘মেন অফ দা মেচ’ বঁটা লাভ কৰিছিল । উপহাৰ হিচাপে তেওঁক প্ৰদান কৰা হৈছিল ৫ লিটাৰ পেট্ৰল । তাৰ পাছতে ক্ৰিকেটাৰজনে হাঁহিৰে সৈতে উপহাৰ স্বৰূপ পেট্ৰলৰ গেলন গ্ৰহণ কৰা এখন ছবি টুইটাৰত ভাইৰেল হৈ পৰিছিল ।
প্ৰতিবেদন অনুসৰি প্ৰতিযোগিতাখন ভূপালৰ কংগ্ৰেছ নেতা মনোজ শুক্লাৰ দ্বাৰা অনুষ্ঠিত কৰা হৈছিল ।
উল্লেখ্য যে কেইমাহমান ধৰি পেট্ৰল ডিজেলৰ মুল্যই দেশৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে । বিজেপি চৰকাৰে যোৱা ১২ মাহত দুবাৰকৈ ইন্ধনৰ ওপৰত কৰ বৃদ্ধি কৰিছে । আনহাতে ৰাজস্থান , মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ কেইবাখনো চহৰত প্ৰিমীয়াম পেট্ৰলৰ হাৰ প্ৰতি লিটাৰত ১০০ টকা অতিক্ৰম কৰিছে ।পেট্ৰল