Local, Vocal, Global

কেৰালাৰ হৈ ৩৭ বলত শতক কৰি চমক ‘আজহাৰউদ্দিনৰ’

5

এসময়ৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক, দুর্ধর্ষ বেটছমেন মহম্মদ আজহাৰউদ্দিনৰ দৰে একে নামৰ এজন তৰুণ খেলুৱৈয়ে হাহাকাৰ সৃষ্টি কৰিছে বর্তমান অব্যাহত ৰোৱা ছৈয়দ মুস্তাক আলী ক্ৰিকেট প্ৰতিযোগিতাত। তৰুণ খেলুৱৈজনে মাথোন ৩৭টা বলতে সংগ্ৰহ কৰা শতকৰ সহায়ত কেৰালাই আগশাৰীৰ মুম্বাই দলক ৮ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। আজহাৰউদ্দিনে ৫৪টা বলত ১১টা অভাৰ বাউণ্ডেৰী, ৯টা বাউণ্ডেৰীৰে মুঠ অপৰাজিত ১৩৭ ৰান সংগ্ৰহ কৰে। খেলখনত মুম্বাই দলে প্ৰথমে বেট ধৰি ২০ অভাৰত ১৯৬ ৰান সংগ্ৰহ কৰিছিল। প্ৰত্যুত্তৰত মহম্মদ আজহাৰউদ্দিনৰ লগতে আনজন অ’পেনাৰ ৰবীন উথাপ্পাই ২৩ বলত কৰা ৩৩ ৰানৰ সহায়ত কৰা কেৰালাই ১৫.৫ অভাৰতে ১৯৭ ৰান সংগ্ৰহ কৰি খেলখনত বিজয় সাব্যস্ত কৰে। আজহাৰউদ্দিনে ৩৭টা বলত কৰা শতক ভাৰতীয় খেলুৱৈৰ ক্ষেত্ৰত তৃতীয় দ্ৰুত শতৰান হিচাপে চিহ্নিত হৈছে।