Local, Vocal, Global

আপোনাৰ ৰাশি কি ? আজিৰ দিনটো কেনেকুৱা হ’ব

মেষঃ বন্ধুবৰ্গৰ লগত ভোগ-বিলাস কৰি সুখ পাব। ভ্ৰমণৰ যোগ আছে। কলা-বাণিজ্য আৰু কাৰিকৰী শিক্ষার্থীৰ বাবে বিশেষ ফল লাভৰ যোগ। চৰকাৰী কোনো কাম লাভ কৰি উপকৃত হ’ব।

বৃষঃ শিক্ষাৰ দিশত নতুন কোনো সংযোগ দেখা যায়। পৰিয়ালৰ সন্মতিত প্রেম বিবাহ হ’ব পাৰে। দূৰত থকা কোনো বন্ধুৰ পৰা সহায় লাভ কৰি উপকৃত হব। পুত্ৰৰ দূৰ্ঘটনাৰ সম্ভাবনা।

মিথুনঃ পাৰিবাৰিক সমিলমিলেৰে আগবাঢ়ি যোৱা হেতু আর্থিক দিশত সকাহ লাভ কৰিব। শিল্পী বা অভিনেতাই নতুন কামৰ সন্ধান লাভ কৰিব। অভিযান্ত্রিক বা চিকিৎসা বিদ্যা পঢ়ি থকাই সুফল পাব।

কর্কটঃ বহুদিনৰ মূৰত সন্তানৰ গৃহ আগমনে আনন্দিত কৰিব। উচ্চপদস্থ বিষয়া আৰু ব্যক্তিগত খণ্ডৰ কৰ্মীয়ে পদোন্নতি লাভ কৰিব। মাতৃৰ পুৰণি ৰোগে অশান্তি দিব পাৰে। নতুন গৃহ লাভৰ যোগ।

সিংহঃ শাৰীৰিক কষ্ট হলেও পুৰণি মাটি-বাৰীৰ বিবাদ নিষ্পত্তি হোৱাৰ যোগ। উদৰ পীড়া বা বাত ৰোগত ভুগিব পাৰে। ভাতৃৰ পৰা সহায় লাভ কৰি ব্যৱসায়ত উন্নতি লাভ কৰিব।

কন্যাঃ চৰকাৰী চাকৰি লাভ কৰিব পাৰে। ঠিকাদাৰ বা যোগনিয়াৰসকলে নতুন কোনো কর্ম লাভ কৰিব। ৰে’ল বা বীমাক্ষেত্ৰৰ কৰ্মীয়ে উচ্চপদ লাভৰ যোগ। বিদেশত শিক্ষাৰ বাবে জলপানি পাব।

তুলাঃ উত্তম বস্ত্র লাভ কৰিব। কন্যাৰ বিবাহৰ যোগ দেখা যায়। দূৰৱর্তী ঠাইত থকা আত্মীয়ৰ পৰা দুঃসংবাদ লাভ কৰিব। গৃহত মাংগলিক কার্য কৰি আনন্দ লাভ কৰিব। সামাজিক কামত সুফল লাভ।

বৃশ্চিকঃ নতুন গৃহ লাভ কৰিব পাৰে। গোপালকে ব্যৱসায়ত উন্নতি লাভ কৰিব। পুৰণি বিবাদ মীমাংসা হ’ব। আইন, চাৰুকলা শিক্ষার্থীয়ে চাকৰি লাভৰ যোগ। পত্নীৰ প্ৰসূতিজনিত ৰোগ হ’ব পাৰে।

ধনুঃ নতুনকৈ কামত যোগদান কৰাৰ সম্ভাৱনা আছে। তলতীয়া কৰ্মচাৰীৰ পৰা বাধা পাব পাৰে। সন্তানৰ বিবাহৰ যোগ। পুত্ৰৰ অসুখে শিক্ষাত ব্যাঘাত ঘটাৰ পাৰে। ভ্ৰমণৰ যোগ।

মকৰঃ ৰাজনীতিবিদ বা সামাজিক কামত জড়িত লোকে সন্মান লাভ কৰিব। ধর্মগুৰুৱে শিষ্যৰ পৰা সন্মান লাভ কৰিব। তীর্থভ্রমণৰ যোগ আছে। আইনবিদ বা বিচাৰকসকলে সন্মান লাভ কৰিব।

কুম্ভঃ ভনী বা ভনীজোৱাইৰ পৰা ব্যৱসায়ত সহায় লাভ কৰি উন্নতি পাব। থিয়েটাৰ বা চলচ্চিত্র প্রযোজকে নতুনকৈ কামত উন্নতি লাভ কৰিব। উকীল বা শিক্ষকে নতুন কামৰ সন্ধান পাব।

মানঃ বিদেশ ভ্রমণৰ যোগ। কৃষিকার্যত জড়িতসকলে লাভ অর্জন কৰিব পাৰিব। যানবাহন চলোৱা ভাল, দুর্ঘটনাৰ সম্ভাৱনা। ঘৰৰ পৰা দূৰত থকাসকলে ঘৰৰ ওচৰত কৰ্মৰ সন্ধান পাব।