Local, Vocal, Global

ফটকা আতচবাজীক লৈ বিভ্রান্ত অসমৰ জনতা

দীপাৱলীক লৈ প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ স্থিতি আৰু হিমন্ত বিশ্ব শর্মাৰ টুইটক লৈ এতিয়া বিভ্রান্তিত জনতা । কিয়নো দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে নিষিদ্ধ কৰিছে ফটকা-আতচবাজীৰ বিক্ৰী । ৰাষ্ট্রীয় সেউজ ন্যায়ধিকৰণে এই সন্দৰ্ভত জাৰি কৰা কঠোৰ নিৰ্দেশনাৰ বাবে প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডে জাৰি কৰে এই নিৰ্দেশনা। প্ৰদূষণ ব’ৰ্ডৰ নিৰ্দেশনাত উল্লেখ কৰা মতে গুৱাহাটীত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ফটকা আৰু আতচবাজীৰ বিক্ৰী আৰু ব্যৱহাৰ । ইয়াৰ বিপৰীতে ৰাজ্যৰ আন ঠাইসমূহত দীপাৱলী দিনা সন্ধিয়া ৮ বজাৰ ১০ বজালৈ দুঘন্টাৰ বাবে সেউজ ফটকা অৰ্থাৎ পৰিৱেশ অনুকূল ফটকা ব্যৱহাৰৰ অনুমতি প্রদান কৰিছে । প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ এই নিৰ্দেশনাৰ বিপৰীতে মন্ত্রী হিমন্ত বিশ্ব শর্মাই টুইটাৰত প্ৰকাশ কৰিছে যে “আন ধৰ্মাৱলম্বী লোকৰ দৰে হিন্দু সকলোৰো উৎসৱ উৎযাপনৰ অধিকাৰ আছে” । ৰাজ্যত বৰ্তমান ক’ভিড পৰিস্থিতি আগতকৈ উন্নত হোৱাৰ বাবে চৰকাৰৰ ফালৰ পৰা এইবাৰৰ দীপাৱলী উৎযাপনত বাধা প্রদান কৰা নাই বুলি মন্ত্রীগৰাকীয়ে মন্তব্য আগবঢ়ায় । মন্ত্রীগৰাকীৰ এই মন্তব্যৰ পিচত পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী থাকোঁতে ৰাজ্যৰ আৰক্ষী- প্ৰশাসনৰ লগতে বিভ্রান্তিত পৰিছে সাধাৰণ জনতা ।