Local, Vocal, Global

পঞ্চমবাৰৰ বাবে IPL ৰ খিতাপ জয় কৰিলে মুম্বাই ইণ্ডিয়ানছে

পুনৰ মুম্বাই ইণ্ডিয়ানছৰ দখলত IPL । পঞ্চমবাৰৰ বাবে IPL ৰ খিতাপ জয় কৰিলে মুম্বাই ইণ্ডিয়ানছে । দিল্লী কেপিটেলছক ৫ উইকেটত হৰুৱাই খিতাপ দখল মুম্বাই ইণ্ডিয়ানছৰ। মুম্বাই ইণ্ডিয়ানছৰ হৈ চমকপ্ৰদক খেল প্ৰদৰ্শন কৰে ৰোহিত শৰ্মাই। প্ৰথমে বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে ৫টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৫৭ ৰাণ। ইয়াৰ বিপৰীতে দিল্লী কেপিটেলছে ৭ উইকেটত হৰুৱাই সংগ্ৰহ কৰে ১৫৬ ৰাণ। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই ৬৮ ৰাণ সংগ্ৰহ কৰে। আনফালে ঈশান্ত কিষাণে অপৰাজিত ৩৩ ৰাণ সংগ্ৰহ কৰে। ফাইনেল খেলখনৰ মেন অৱ দ্য মেচ সন্মান লাভ ট্ৰেণ্ড বল্টৰ। IPLৰ Most Valuable খেলুৱৈৰ খিতাপ লাভ কৰে জোফ্ৰা আৰ্ছাৰে । Orange Cap লাভ কৰিলে কিংছ ইলাভেন পাঞ্জাৱৰ অধিনায়ক কে এল ৰাহুলে। Purple Cap লাভ কৰিলে দিল্লী কেপিটেলছৰ বেগী বলাৰ কাগিছ’ ৰাবাডাই। Power Player OF The Season সন্মান  লাভ কৰিলে ট্ৰেণ্ড বল্টে। Super Striker Of The Season ৰ লাভ কৰিলে কাইৰন প’লাৰ্ডে। Game Changer OF Season ৰ লাভ কৰিলে কে এল ৰাহুলে। খিতাপৰ লগতে এইবেলি IPL Fairplay ৰ সন্মানো লাভ কৰে চেম্পিয়নছ মুম্বাই ইণ্ডিয়ানছে। আনহাতে এইবেলি IPLত Emerging Player ৰূপে বিবেচিত হয় দেৱদত পাডিকালে।