Local, Vocal, Global

অৰ্জুন ৰামপালৰ বাসগৃহত NCBৰ তালাচী

বলীউডৰ প্ৰতিষ্ঠিত অভিনেতা অৰ্জুন ৰামপাল এইবাৰ সাঙোৰ খালে ড্ৰাগছ কেলেংকাৰিত। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ সমান্তৰালভাৱে আৰম্ভ হোৱা বলীউডৰ ড্ৰাগছ চক্ৰ সম্পৰ্কীয় গোচৰত নাৰ্কটিক্স কন্ট্ৰ’ল ব্যুৰ’ই ৰামপালৰ মুম্বাইৰ তিনিটাকৈ বাসগৃহত অভিযান চলায়। তালাচী চলোৱা হয় অৰ্জুনৰ আন্ধেৰী, খাৰ আৰু বান্দ্ৰাৰ বাসগৃহত। ইয়াৰ পূৰ্বে এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰ্জুন ৰামপালৰ প্ৰেয়সী গেব্ৰিয়ালা ডেমেট্ৰিয়েডিজৰ ভাতৃ এজিচিলাঅ’ছ ডেমেট্ৰিয়েডিজক। তেওঁৰ জিম্মাৰ পৰা উদ্ধাৰ হৈছিল হাছিছ আৰু নিচাযুক্ত আন কেতবোৰ ঔষধ। ইফালে শনিবাৰে এনচিবিয়ে বলীউডৰ পৰিচালক ফিৰোজ নাদিয়াৱালাৰ বাসগৃহত তালাচী চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। এই ঘটনাত এনচিবিয়ে গ্ৰেপ্তাৰ কৰে ফিৰোজৰ পত্নী শ্বাবানা চয়িদক। তদুপৰি জেৰাৰ বাবে মাতে পৰিচালক ফিৰোজক। বলীউডৰ ড্ৰাগছ চক্ৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী। একেটা গোচৰত জেৰাৰ সন্মুখীন হৈছিল দীপিকা পাডুকন, ছাৰা আলি খান, শ্ৰদ্ধা কাপুৰ, ৰাকুলপ্ৰীত সিঙৰ দৰে বলীউডৰ কেইবাগৰাকী শীৰ্ষ অভিনেত্ৰী। শেহতীয়াকৈ ড্ৰাগছৰ সৈতে বহু ছবিৰ সফল অভিনেতা অৰ্জুন ৰামপালৰ নাম জড়িত হোৱাত স্বাভাৱিকতে বলীউডত চাঞ্চল্যৰ সৃষ্টি হৈছে।