হিমন্ত বিশ্বৰ ফেচবুক পোষ্টৰ তথ্য ভুল, ফেচবুকৰ সতৰ্কবাণী

শিলচৰৰ বিমানবন্দৰত আজমলৰ উপস্থিতিত ‘পাকিস্তান জিন্দাবাদ’ৰ অভিযোগ ড০ হিমন্ত বিশ্ব শৰ্মাৰ। এদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত আজমলক বিমানবন্দৰত আদৰণিৰ মুহূৰ্তৰ ভিডিঅ” শ্বেয়াৰ কৰি প্ৰকাশ কৰিছিল কঠোৰ প্ৰতিক্ৰিয়া। ড০ শৰ্মাই লিখিছিল- এইসকল মৌলবাদী ৰাষ্ট্ৰবিৰোধী লোকৰ ধৃষ্টতালৈ মন কৰক, যিসকলে সাংসদ আজমলক আদৰণি জনাই ‘পাকিস্তান জিন্দাবাদ’ দিছে। এইটোৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখা খুলি দিছে যি এনে শক্তিৰ সৈতে মিত্ৰতাৰ বাবে আগ্ৰহ দেখুৱাইছে। আমি তেওঁলোকৰ সৈতে সৰ্বশক্তিৰে যুঁজিম। ড০ শৰ্মাই ফেচবুকত পোষ্ট কৰা ভিডিঅ’টো খুলিলেই দৰ্শকে এতিয়া দেখা পাব ফেচবুকৰ নিজাববীয়া সতৰ্কবাণী। ভিডিঅ’টোৰ ওপৰতে ফেচবুকৰ নিজা বাৰ্তা- এয়া ভুল তথ্য, স্বতন্ত্ৰ সত্যতা নিৰূপকৰ দ্বাৰা পৰীক্ষিত। অৰ্থাৎ ফেচবুকৰ নিজাববীয়া সত্যাসত্য নিৰূপকৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মাই আপলোড কৰা ভিডিঅ’টোৰ তথ্য শুদ্ধ নহয় বুলি জনাই দিয়া হৈছে। ভিডিঅ’টোত আজমলৰ সমৰ্থকে ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়াৰ যি অভিযোগ ড০ শৰ্মাই তুলিছে সেয়া মিছা বুলি জাননীযোগে দৰ্শকক আগতীয়াকৈ সাৱধান কৰি দিছে ফেচবুক কৰ্তৃপক্ষই। অৱশ্যে ফেচবুকৰ পৰা ভিডিঅ’টো আঁতৰ কৰা হোৱা নাই। ড০ শৰ্মাই এআইইউডিএফ, কংগ্ৰেছ আৰু আজমলক আক্ৰমণৰ উদ্দেশ্যে ব্যৱহাৰ কৰা ভিডিঅ’টো মিছা বুলি ফেচবুকে নিজাববীয়া সতৰ্কবাণী জাৰি কৰাটো তাৎপৰ্যপূৰ্ণৰূপে চিহ্নিত হৈছে।