Local, Vocal, Global

ছেলফিয়ে কাল হ’ল এগৰাকী মহিলাৰ

ছেলফিয়ে প্ৰাণ কাঢ়িলে এগৰাকী ৩০ বছৰীয়া মহিলাৰ। পৰিয়ালৰ লোকৰ সৈতে অৱসৰ বিনোদনৰ বাবে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল নীতু মাহেশ্বৰী।মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা ৫৫কিলোমিটাৰ দুৰত জাম গেট নামৰ অঞ্চলটোৰ পাহাৰৰ সু-উচ্চ এটা শিলত ফটো উঠিছিল মহিলাগৰাকীয়ে,কিন্তু হঠাৎ ভৰি পিছলি কেইবাশ ফুট তললৈ পৰি গৈছিল মহিলাগৰাকী।

এই ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। আৰক্ষীৰ তদন্তৰ পিছত শুক্ৰবাৰে পাহাৰৰ তলৰ হাবিত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। জানিব পৰা মতে,ইয়াৰ পূৰ্বেও সেই পাহাৰৰ পৰা পৰি বহু কেইজন লোকৰ মৃত্যু হৈছে।