Local, Vocal, Global

এজন আৰক্ষী জোৱানৰ মহানুভৱতা !

এজন আৰক্ষী জোৱানৰ মহানুভৱতা। তেলেংগানাৰ হায়দৰাবাদত যানজঁটত আৱদ্ধ হৈ থকা এখন এম্বুলেঞ্চক ৰাস্তা মুকলি কৰি দিবলৈ প্ৰায় ২ কিলোমিটাৰলৈ দৌৰল ট্ৰেফিক পুলিচগৰাকী । ছ’চিয়েল মিডিয়াত ভাইৰেল তেওঁৰ এই ভিডিঅ’। আপুনি ভুল নকৰিব এয়া কোনো চিনেমাৰ শ্বুটিং নহয়। এয়া এজন কৰ্মনিষ্ঠাবান ট্ৰেফিক জোৱানৰ ভাইৰেল হোৱা ভিডিঅ’৷

এই ট্ৰেফিক কনিষ্টবলজনৰ নাম বাবজী৷ বাবজীয়ে পিটিআইক কৈছে যে- ‘তেওঁ যেতিয়া যানজঁটত আৱদ্ধ হৈ থকা এম্বুলেঞ্চখন আগবাঢ়িব পৰা নাছিল তেতিয়া ৰোগীজনৰ জীৱন বচাবৰ কাৰণে প্ৰায় ২ কিলোমিটাৰ দৌৰি ৰাস্তা মুকলি কৰি দিব গৈছিল৷ তেওঁৰ এই মহানুভৱতা দেখি সকলো আচৰিত হৈছিল৷ এতিয়া ট্ৰেফিক পুলিচগৰাকীৰ কথা সকলোৰে মুখে মুখে৷