আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী

আজি ভাৰতৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু দিৱস। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত বন্তি প্ৰজ্বলন, মাল্যাৰ্পন কৰি শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে বহু গুণমুগ্ধই। সুধাকণ্ঠৰ কালজয়ী গীতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ।
জালুকবাৰী সমাধিক্ষেত্ৰতো অনুষ্ঠিত হৈছে বিশেষ কাৰ্যসূচী। পুৱাই সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰৰ বহুনেতাই। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালায়ৰ উদ্যোগত স্মৃতি তৰ্পণ আৰু সৰ্ব ধৰ্ম পালন। এই কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰাৰৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে,গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজা,পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ প্ৰতাপজ্যোতি সন্দিকৈ উপস্থিত থাকিব ।