Local, Vocal, Global

বলীউডৰ অভিনেতা ফাৰাজ খানৰ মৃত্যু

৫০ বছৰ বয়সত মৃত্যুক আঁকোৱালি ল’লে অভিনেতা ফাৰাজ খানে। বুধবাৰে পুৱা বাংগালুৰুৰ এখন চিকিৎসালয়ত ফাৰাজৰ মৃত্যুৰ খবৰ টুইটাৰযোগে সদৰী কৰিলে অভিনেত্ৰী পূজা ভাটে। দীৰ্ঘদিন ধৰি অভিনয় জগতৰ পৰা দূৰৈত থকা ফাৰাজ খান ভুগিছিল তীব্ৰ আৰ্থিক সংকটত। হাৰ্টিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি বলীউডৰ কাষ চাপিছিল ফাৰাজ। ফাৰাজৰ কাষত থিয় হৈছিল ছলমান খান, পূজা ভাট। চিকিৎসালয় সূত্ৰই জনোৱা মতে ফাৰাজৰ অসুখ বুকুৰ পৰা মস্তিষ্ক পাইছিলগৈ। প্ৰথম অৱস্থাত চিকিৎসাই ফল দেখুৱালেও পৰৱৰ্তী সময়ত গুৰুতৰ হৈছিল ৰোগ। আৰু মূৰকত মৃত্যুৰে যুঁজি হাৰি গ’ল সুদৰ্শন অভিনেতাজন। ১৯৯৬ চনত মুক্তিলাভ কৰিছিল ফাৰাজৰ প্ৰথম ছবি ‘ফৰেব’। ‘মেহেন্দি’ ছবিত ৰাণী মুখাৰ্জীৰ বিপৰীতে অভিনয় কৰা ফাৰাজৰ আন দুখন প্ৰশংসিত ছবি হ’ল ‘দুলহন বনু মে তেৰী’, ‘চাঁদ বুঝ গেয়া’।