Local, Vocal, Global

২০২০-২১ৰ দ্বিতীয় ত্ৰৈমাসিকত বেংকৰ সঞ্চয় বহীৰ ৬৬১২৭.৭ কোটি টকালৈ বৃদ্ধি

সৰ্বব্যাপী বেংকিংৰ উদ্দেশ্য আগত লৈ চলি অহা সাৰ্বজনীন বেংক বন্ধন বেংকে  বিত্তীয় বৰ্ষ ২০২০-২১ৰ দ্বিতীয় ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে । বেংকটোৰ মুঠ ব্যৱসায় (সঞ্চয় আৰু আগধন) বছৰি ২৫.৯০ শতাংশলৈ বৃদ্ধি হৈ ১৪২৭৪২.৩ কোটি টকা হৈছে । বিত্তীয় বৰ্ষ ২০১৫-১৬ ত ব্যৱসায় আৰম্ভ কৰা বন্ধন বেংকে চলিত বৰ্ষৰ আগষ্ট মাহত সফলতাৰে ইয়াৰ পাঁচটা বছৰ সম্পূৰ্ণ কৰিলে । মাত্ৰ পাঁচটা বছৰৰ ভিতৰতে বেংকটোৱে ৪৭০১ টা বেংকিং আউটলেটৰ জৰিয়তে ২.০৮ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আহিছে আৰু ইয়াত কৰ্মৰত মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে ৪৫,৫৪৯ গৰাকী । দেশৰ অৰ্থনীতি ক্ৰমশঃ আনলকিং হোৱাৰ লগতে বেংকৰ সঞ্চয়বহী বিগত বৰ্ষৰ একেই ত্ৰিমাসিকতকৈ ৩৪.৪ শতাংশ বৃদ্ধি পাইছে আৰু এতিয়া বেংকটোৰ মুঠ সঞ্চয় হৈছেগৈ ৬৬১২৭.৭ কোটি টকা ।
কাৰেণ্ট একাউণ্ট, চেভিংছ একাউণ্ট (চি এ এছ এ বহী) বছৰি ৫৬.২ শতাংশ বৃদ্ধি হৈ ২৫২৭৯ কোটি টকা হৈছেগৈ আৰু সামগ্ৰিকভাৱে চি এ এছ এৰ অনুপাত হৈছে এতিয়া ৩৮.২ শতাংশ । একেদৰে আগধনৰ ক্ষেত্ৰত চাবলৈ গ’লে চলিত বৰ্ষৰ একেই ত্ৰিমাসিকৰ তুলনাত বছৰি বৃদ্ধিৰ পৰিমাণ ১৯.৪ শতাংশ আৰু মুঠ আগধনৰ পৰিমাণ হৈছে ৭৬৬১৪.৬ কোটি টকা । মানসম্পন্ন ঋণবহীৰ প্ৰমাণ দি বেংকটোৰ মুঠ এন পি এৰ পৰিমাণ হৈছে ০.৪ শতাংশ । মূলধনৰ উপলব্ধতাৰ অনুপাত (চি এ আৰ) হৈছে বেংকৰ স্থিৰতাৰ সংকেত । বৰ্তমান প্ৰয়োজনীয় পৰ্যায়তকৈ অধিকভাৱে লাভসহ উক্ত পৰিমাণ হৈছে ২৭.৮ শতাংশ ৷ বেংকটোৰ মুঠ লাভৰ পৰিমাণ হৈছে ৯২০ কোটি টকা । ২০২০ চনৰ ৩০ জুনত অন্ত পৰা ত্ৰৈমাসিকতকৈ এই পৰিমাণ ৬৭.৩ শতাংশৰ অধিক । বন্ধন বেংকৰ এই সফলতাৰ সন্দৰ্ভত বেংকটোৰ এম ডি তথা চি ই অ’ চন্দ্ৰশেখৰ ঘোষে কয় যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত সম্পূৰ্ণ লকডাউন হোৱাত বেংকটোৰ দ্বিতীয় ত্ৰৈমাসিকত দেশৰ বিভিন্ন অংশত অৰ্থনৈতিক কাৰ্যকলাপ পুনৰ আৰম্ভ হোৱাৰ পাছতে যথেষ্ট উন্নত হৈছে । অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সময়তো গ্ৰাহকে সহনশীল হৈ বেংকটোৰ প্ৰতি প্ৰদৰ্শন কৰা বিশ্বাস আৰু আস্থাৰ বাবেই বেংকটোৰ বিকাশ হোৱা বুলি ঘোষে সদৰী কৰে । বন্ধন বেংক সদায়েই কৰ্মচাৰীসকলৰ লগতে বেংকটোৰ সমূহ উপভোক্তাক উন্নত সেৱা প্ৰদান কৰিবলৈ আৰু সমাজ তথা অৰ্থনীতিৰ প্ৰতি অৰ্থৱহ অৱদান আগবঢ়াবলৈ দায়বদ্ধ বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে এই কথা ।