কি গোচৰত অৰ্ণৱ গোস্বামীক আটক কৰিলে মহাৰাষ্ট্ৰ আৰক্ষীয়ে?
মহাৰাষ্ট্ৰ আৰক্ষীয়ে বুধবাৰে পুৱা নিজ বাসভৱনৰ পৰা আটক কৰে ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰী তথা মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক। ২০১৮ চনৰ ৰাইগড় থানাৰ আত্মহত্যাৰ এটা গোচৰক লৈ মহাৰাষ্ট্ৰ আৰক্ষীয়ে আটক কৰিছে দেশৰ প্ৰখ্যাত সাংবাদিকজনক। সাংবাদিক গোস্বামীৰ সৈতে বিগত কিছুদিন ধৰি সংঘাতৰ সৃষ্টি হৈছে মহাৰাষ্ট্ৰ চৰকাৰ আৰু আৰক্ষীৰ। এনে এক পৰিস্থিতিত সাংবাদিক গোস্বামীৰ বিৰুদ্ধে আক্ৰোশৰ বাবেই তেওঁক মহাৰাষ্ট্ৰ আৰক্ষীয়ে টাৰ্গেট কৰি লোৱা বুলি অভিযোগ উঠিছে।
কি গোচৰত আৰক্ষীৰ এই পদক্ষেপ?
অনভয় নায়ক নামৰ এজন ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু তেওঁৰ মাতৃ কুমুদ নায়কক ২০১৮ চনৰ মে’ মাহত তেওঁলোকৰ আলিবাগৰ বাসভৱনত মৃত অৱস্থাত পোৱা গৈছিল। আৰক্ষীৰ তদন্তৰ প্ৰতিবেদন মতে অনভয়ে আত্মহত্যা কৰিছিল। আনহাতে তেওঁৰ মাতৃ কুমুদ নায়কক কোনোবাই ডিঙি চেপি হত্যা কৰিছিল।

আৰক্ষীৰ মতে অনভয়েই আত্মহত্যা কৰাৰ পূৰ্বে মাতৃক হত্যা কৰে। এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে দুৰ্ঘটনাবশতঃ মৃত্যু আৰু হত্যাৰ গোচৰ ৰুজু কৰে। অনভয়ৰ মাতৃ কুমুদৰ মৃতদেহ বাসভৱনৰ তলৰ মহলাৰ চোফাত পোৱা গৈছিল। বিপৰীতে অনভয়ৰ মৃতদেহ প্ৰথম মহলাৰ এটা কোঠাত চিপজৰীত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল এজন ঘৰুৱা সহায়কে।
অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে এজাহাৰ কিয়?
আৰক্ষীয়ে উদ্ধাৰ কৰিছে অনভয়ৰ এক আত্মহত্যাৰ টোকা। য’ত অনভয়ে লিখিছিল যে ৩টা কোম্পানীৰ মালিকে তেওঁৰ প্ৰাপ্য ধন পৰিশোধ নকৰাৰ বাবেই তেওঁ আৰু তেওঁৰ মাতৃয়ে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে। সাংবাদিক অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভি, ফিৰোজ শ্বেইখৰ আইকাষ্ট এক্স-স্কাই মিডিয়া আৰু স্মাৰ্ট ৱাৰ্কছৰ নীতিশ সাৰদাৰ বিৰুদ্ধে নায়কৰ ধন আদায় নিদিয়াৰ অভিযোগ। ছুইচাইড নোটত নায়কে লিখিছিল যে তেওঁৰ কোম্পানী কংকৰ্ড ডিজাইন প্ৰাইভেট লিমিটেডক অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে দিবলৈ আছিল ৮৩ লাখ, ফিৰোজ শ্বেইখে দিয়া নাছিল ৪ কোটি আৰু নীতিশ সাৰদাই দিয়া নাছিল ৫৫ লাখ টকা। এজন অনুসন্ধানকাৰী বিষয়াই প্ৰকাশ কৰিছিল যে অনভয় ধাৰত পোত গৈছিল আৰু ঠিকাদাৰক ধন পৰিশোধ কৰিব নোৱাৰি অসহায় হৈ পৰিছিল। অৰ্ণৱ গোস্বামীয়ে অনভয়ৰ এই অভিযোগ অস্বীকাৰ কৰি জনাইছিল যে তেওঁ সকলো ধন আদায় দিছিল।
পূৰ্বৰ অনুসন্ধানত কি হৈছিল?
২০১৯ চনৰ এপ্ৰিলত অনুসন্ধানকাৰী আৰক্ষীয়ে গোচৰটো বন্ধ কৰি দিছিল। আৰক্ষীৰ মতে অৰ্ণৱ গোস্বামীকে ধৰি ছুইচাইড নোটত নাম থকাসকলৰ বিৰুদ্ধে তেওঁলোকে কোনো প্ৰমাণ পোৱা নাছিল। কিন্তু এইবছৰৰ মে’ মাহত প্ৰয়াত অনভয়ৰ কন্যাই মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখক সাক্ষাৎ কৰি পুনৰ মুকলি কৰিবলৈ আৱেদন জনায়। মে’ মাহত অনিল দেশমুখে টুইটাৰত জনাইছিল যে পুৰণি গোচৰটোক লৈ অনভয়ৰ কন্যা আডন্যা নায়কৰ আহ্বানমৰ্মে চিআইডিক গোচৰটোৰ পুনৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। আডন্যাৰ অভিযোগ যে আৰক্ষীয়ে অৰ্ণৱ গোস্বামীয়ে তেওঁৰ পিতৃক দিবলৈ বাকী থকা ৮৩ লাখ টকাৰ প্ৰসংগত কোনো তদন্তই কৰা নাছিল।
মে’ মাহৰ পৰা পুৰণি গোচৰটো নতুনকৈ আৰম্ভ কৰা হয়। ৰায়গড় আৰক্ষীয়ে যিখন আদালতত গোচৰটোৰ তদন্ত শেষ হোৱা বুলি প্ৰতিবেদন দিছিল সেইখন আদালতে গোচৰটোৰ পুনৰ মুকলিৰ অনুমতি প্ৰকাশ কৰিছে।

অৰ্ণৱৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ আৰু কি গোচৰ?
জালিয়াতিৰে ৰিপাব্লিক টিভিসহ আন ৫টা চেনেলৰ টিআৰপি বৃদ্ধিৰ অভিযোগক লৈ মুম্বাই আৰক্ষীয়ে অনুসন্ধান চলাই আছে। যিটো গোচৰ প্ৰসংগত মুম্বাই আৰক্ষীৰ আয়ুক্তৰ সিদ্ধান্তৰ বিৰুদ্ধে আন একাংশ আৰক্ষী বিষয়া অসন্তুষ্ট বুলি অৰ্ণৱ গোস্বামীয়ে প্ৰচাৰ চলোৱা বুলি অৰ্ণৱৰ বিৰুদ্ধেও আন এখন এজাহাৰ দাখিল কৰা হৈছিল। তাৰ বাহিৰেও বান্দ্ৰা ৰে’লৱে ষ্টেচনত প্ৰব্ৰজিত শ্ৰমিকৰ সমাৱেশ আৰু পালঘৰৰ সাধু হত্যা সন্দৰ্ভত অৰ্ণৱে সাম্প্ৰদায়িক প্ৰচাৰ চলোৱা বুলিও মুম্বাই আৰক্ষীয়ে দুখন এজাহাৰ দাখিল কৰিছিল। বিপৰীতে অৰ্ণৱে এই গোচৰসমূহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন হোৱাত ন্যায়ালয়ে তেওঁক বম্বে উচ্চ ন্যায়ালয়ৰ ওচৰ চপাৰ নিৰ্দেশ দিয়ে। অৰ্ণৱৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ বিধানসভাই বিশেষাধিকাৰ ভংগৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননিও জাৰি কৰিছে। তাৰ বিৰুদ্ধেও উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছে অৰ্ণৱ গোস্বামী।