Local, Vocal, Global

১৬ হাজাৰ ফুট উচ্চতাত এপেন্দিক্স অপাৰেচন

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত কৰ্মৰত ভাৰতীয় সেনা বাহিনীৰ চিকিৎসকসকলে গঢ়িলে এক নতুন অভিলেখ। লাডাখত ১৬ হাজাৰ ফুট উচ্চতাত হিম শীতল পৰিৱেশত সেনাৰ এটা চিকিৎসকৰ দলে সফলভাৱে সম্পন্ন কৰিলে এপেন্দিক্সৰ অস্ত্ৰোপচাৰ। সেনাৰ সূত্ৰত প্ৰকাশ পাইছে- ‘ফিল্ড হাস্পতালৰ শল্য চিকিৎসকৰ দলে প্ৰতিকূল পৰিস্থিতিত এপেন্দিক্স আঁতৰ কৰাৰ অস্ত্ৰোপচাৰ কৰিলে। ১৬ হাজাৰ ফুট উচ্চতাৰ ফৰৱার্ড ছাৰ্জিকেল চেণ্টাৰত হয় সেই অপাৰেচন। ইয়াৰ পূৰ্বেও কঠিন পৰিস্থিতিত এনেধৰণৰ অস্ত্ৰোপচাৰ কৰিছে সেনাৰ চিকিৎসকসকলে। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ হাড়কঁপোৱা শীতত ভাৰতীয় সেনাৰ ফিল্ড হাস্পতাল বিলাক আছে যিবিলাকত জৰুৰী পৰিস্থিতিত সেৱা আগবঢ়াই আহিছে চিকিৎসকসকলে।