Local, Vocal, Global

বিপর্যয় অতিক্ৰম কৰি পুনৰ গতিশীল দেশৰ অৰ্থনীতি, দাবী সীতাৰমণৰ

জটিল সময় পাৰ হৈ আকৌ আগবাঢ়িছে দেশৰ অৰ্থনীতি। এই দাবী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। অৱশ্যে দেশৰ অৰ্থনীতিৰ ভেটি এতিয়াও যে থৰক-বৰক সেয়া স্বীকাৰ কৰিছে তেওঁ। কৰ’না সংক্ৰমণৰ খুন্দাত ভাগি পৰিছে দেশৰ অৰ্থনীতিৰ বুনিয়াদ। লকডাউনৰ বাবে দীৰ্ঘ সময় অচল আছিল দেশৰ অৰ্থনীতি। আগষ্ট মাহত শূন্যৰ তললৈ নামি গৈছিল জিডিপিৰ হাৰ। সেই অন্ধকাৰ আঁতৰাই পোহৰৰ ৰেঙনি দেখিছিল অৰ্থনীতিয়ে। বিত্তমন্ত্ৰীৰ মতে জিএছটি সংগ্ৰহৰ পৰিমাণ বৃদ্ধিয়ে আশাৰ সঞ্চাৰ ঘটাইছে। ৮ মাহৰ পিছত অক্টোৱৰ মাহত সংগ্ৰহ হোৱা জিএছটিৰ পৰিমাণ এক লাখ কোটি টকাৰ অধিক। তাৰ বাহিৰেও বিত্তমন্ত্ৰীৰ দাবী, দুচকীয়া আৰু চাৰিচকীয়া গাড়ীৰ বিক্ৰী বৃদ্ধি, ৰপ্তানি, প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ আদি বৃদ্ধিয়ে অৰ্থনীতি ক্ৰমশঃ স্বাভাৱিক হোৱাৰ ইংগিত বহন কৰিছে। অৱশ্যে এই দাবীৰ সমান্তৰালভাৱে সতৰ্ক বাণীও শুনালে সীতাৰমণে। বিত্তমন্ত্ৰীৰ মতে অৰ্থনীতিৰ বিভিন্ন সূচকে আশাৰ পোহৰ দেখুৱালেও এতিয়ালৈকে পূৰ্বৰ শক্তি ঘূৰি অহা নাই। বিত্তমন্ত্ৰীৰ মতে ৰপ্তানিৰ ক্ষেত্ৰত বৃদ্ধি অটুট আছে। ঔদ্যোগিক ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো আশাৰ সঞ্চাৰ ঘটিছে বুলি সীতাৰমণৰ দাবী।

দেশৰ বিত্তমন্ত্ৰীৰ এনে আশাবাদ অৱশ্যে এতিয়াও সৰ্বসাধাৰণ নাগৰিকৰ জীৱনত প্ৰতিফলিত হোৱা নাই। কৰ’না আৰু লকডাউনৰ পূৰ্বৰে পৰা সংকটাপন্ন অৰ্থনীতিয়ে আজিও মূৰ তুলি উঠা নাই বুলিয়েই সকলোৰে ধাৰণা। বিত্তমন্ত্ৰীৰ অৰ্থনীতি আকৌ গতিশীল হোৱাৰ দাবী কিমান সত্য সেয়া সময়তহে স্পষ্ট হ’ব।