বিহাৰত তুংগত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ
বিহাৰত মঙ্গলবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটদান চলি থকাৰ মাজতে আগন্তুক তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অব্যাহত আছে প্ৰচাৰ অভিযান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙ্গলবাৰে বিহাৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্যসূচী অব্যাহত ৰাখে। ঔৰৰিয়াৰ পিছত প্ৰধানমন্ত্ৰী গৰাকীয়ে সহৰক্ষাৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে,এইকেইদিনত মই প্ৰতিখন ঠাইলৈ গৈছো,আৰু দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ ছবিখনেও সকলো দিশ ফটফটীয়া কৰি তুলিছে। লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে,বিহাৰৰ লোকসকল আত্মনিৰ্ভৰশীল ভাৰতৰ প্ৰতি দায়বদ্ধ আৰু সেয়েহে বিহাৰত পুনৰ NDAৰ চৰকাৰ বনাবলৈ গৈ আছে। মোদীয়ে কয় যে,জংঘলৰাজে বিহাৰৰ লগত বিশ্বাসঘাটকতা কৰিছে বুলি বিহাৰৰ জনতাই ভালদৰে জানে। সভাত মন্ত্ৰীগৰাকীয়ে কয় যে,ক’ৰনা সংকটৰ মাজেৰে বিহাৰবাসীয়ে ভোটদান কৰি গণতন্ত্ৰৰ উৎসৱ পালন কৰিছে। ভগৱান শ্ৰীকৃষ্ণই যেনেকৈ এটা আঙুলিৰে পৰ্বত দাঙি ধৰিছিল তেনেকৈ আপোনালোকৰ এটা ভোটৰ জৰিয়তে বিহাৰৰ ভৱিষ্যৎ ভাল বুলি মন্তব্য কৰে।