আজি বাদশ্বাহ শাহৰুখ খানৰ ৫৫সংখ্যক জন্মদিন
আজি বলীউডৰ বাদশ্বাহ শাহৰুখ খানৰ ৫৫ সংখ্যক জন্মদিন । ১৯৯২ চনত ‘দিৱনা’ ছবিৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল শাহৰুখ খানে। নিজৰ অভিনেয়েৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা বলীউডৰ জনপ্ৰিয় অভিনেতা গৰাকীৰ অনুৰাগীৰ সীমা অপৰিসীম। যাক কোৱা হয় ৰোমাঞ্চৰ কিং অৰ্থাৎ কিং খান। বিভিন্ন সময়ত দেখা যায় এই জনপ্ৰিয় তাৰকাগৰাকীক ঘোষকৰ ৰূপটো। ঘোষক হিচাপেও শাহৰুখ খানৰ আছে এক অন্য প্ৰতিভা। বহুতো হাস্য মধুৰ কথাৰে ৰসাল কৰি তুলিব পাৰে অনুষ্ঠানৰ পৰিবেশ।যিয়ে দৰ্শকৰ মন চুই যায়।জন্মদিনৰ দিনত একাংশ গুণমুগ্ধই প্ৰতি বছৰে ভিৰ কৰে তেওঁৰ বাসগৃহত।সকলোৰে প্রিয় তাৰকা গৰাকী।এতিয়ালৈকে প্ৰায় ৮০খনৰো অধিক হিন্দী ছবিত অভিনয় কৰিছে বলীউদৰ জনপ্ৰীয় তাৰকা গৰাকীয়ে ।২০০৫ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে ।