Local, Vocal, Global

চিকিৎসালয়ত ৰুগ্ন যুৱতীক দলবদ্ধ বলাৎকাৰ,হত্যা

পুনৰবাৰ মানৱ সভ্যতাক লজ্জানত কৰা এক ঘটনা সংঘটিত উত্তৰ প্ৰদেশত৷ এখন ব্যক্তিগত হাস্পতাল  দলবদ্ধভাৱে ধর্ষণ কৰি হত্যা কৰা হল এগৰাকী ২০ বছৰীয়া চিকিৎসাধীন যুৱতীক৷ জানিব পৰা মতে উত্তৰ প্ৰদেশৰ কৌশম্বী জিলাৰ কৌঘৰাজ থানাৰ অন্তগর্ত এটা পৰিয়ালে প্ৰায় এমাহপূর্বে তেওঁলোকৰ ২০ বছৰীয়া জীয়ৰীক ‘নিউ তেজমতী হাস্পাতাল’ত ভর্তি কৰায়৷ চিকিৎসা চলি থকাৰ মাজতে যুৱতীগৰাকীয়ে চিকিৎসালয় খনৰ ডাক্তৰ আৰু কর্মচাৰী সকলৰ ওপৰত ধর্ষণ কৰাৰ অভিযোগ অনাৰ  লগতে পৰিয়ালৰ সকলোকে এই বিষয়ে অৱগত কৰায়। জীয়ৰীৰ মুখেৰে এই সকলো কথা জনাৰ পিচত পৰিয়ালটোৱে হাস্পতাল প্ৰশাসনৰ ওচৰত এই বিষয়ে অভিযোগ দাখিল কৰে। কিন্তু চিকিৎসালয়খনৰ ডাক্তৰসকলে যুৱতীগৰাকীৰ মানসিক অৱস্থা ভাল নহয় বুলি দাবী  কৰি সমগ্র ঘটনাটো গাপ দিয়াৰ চেষ্টা চলায়। হাস্পতাল প্ৰশাসনক অভিযোগ দাখিল কৰাৰ পিচতে ৰহস্যজনকভাৱে যুৱতীগৰাকীৰ মৃত্যু ঘটে আৰু ইয়াৰ পিছতে ঘটনাটো পূৰ্বতকৈ অধিক গুৰুতৰ ৰূপ লয়। কন্যাৰ মৃত্যুৰ শোকত ম্ৰিয়মান পৰিয়ালটোৱে ১৩ অক্টোবৰত উপায়ুক্তৰ ওচৰত ধৰ্ষণ আৰু হত্যাৰ অভিযোগ দাখিল কৰাৰ লগতে সমগ্র ঘটনাৰ ন্যায় বিচাৰি আবেদন জনায়। জিলা প্রশাসনে ঘটনাটো গুৰুত্ব সহকাৰে লয় আৰু জিলা ন্যায়ধীশক সমগ্র ঘটনাটোৰ তদন্ত কৰিবলৈ নির্দেশ দিয়ে । এখন তিনিজনীয়া কমিটিৰ তদন্তত গোটেই ঘটনাটো সচাঁ বুলি প্ৰমাণিত হয়। তিনিজনীয়া কমিটিখনে তদন্তৰ সকলো ৰিপ’ৰ্ট দাখিল কৰাৰ পিচতে শুক্ৰবাৰৰ আবেলি চিকিৎসালয়খনৰ ডাক্তৰ আৰু কৰ্মচাৰীৰ বিৰুদ্ধে দলৱদ্ধ ধৰ্ষণ আৰু হত্যাৰ অভিযোগ লিপিৱদ্ধ  হয়। জিলা প্রশাসনৰ মতে প্ৰথম পৰ্যায়ৰ তদন্তত অভিযোগসমূহ সচাঁ বুলিয়ে প্ৰমাণিত হৈছে আৰু পৰৱর্তী তদন্তসমূহ আগবঢ়াই নিবলৈ আৰক্ষীক নিৰ্দেশনা দিয়া হৈছে ।