TRP কেলেংকাৰিঃ ৰিপাব্লিক টিভিৰ বিনিয়োগকাৰীলৈ চমন
TRP জালিয়াতিৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়াত এইবাৰ সাঙোৰ খালে অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ ৫ বিনিয়োগকাৰী৷ মুম্বাই আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে ৰিপাব্লিক টিভিৰ বিনিয়োগকাৰীসকললৈ জাৰি কৰিছে চমন৷ ইয়াৰ আগেয়ে SIT-এ ভাষ্য গ্ৰহণ কৰিছিল ৰিপাব্লিক টিভিৰ মুখ্য বিত্তীয় বিষয়া শিৱ সুন্দৰমৰ৷ প্ৰকাশ পোৱা মতে টিআৰপি কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিষেক কলৱাদেই আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে যে তেওঁ ৰিপাব্লিক টিভিকে ধৰি দুটা চেনেলৰ পৰা টিআৰপি জালিয়াতিৰ উদ্দেশ্যে ধন লাভ কৰিছিল৷ আনহাতে টিআৰপিৰ মেচিন স্থাপনৰ সৈতে জড়িত হংস গ্ৰুপে লাভ কৰা ধন সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ আন ৫টা মিডিয়া প্ৰতিষ্ঠানে টিআৰপি জালিয়াতি কৰাৰ অভিযোগৰো তদন্ত চলি আছে৷ ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা বক্স চিনেমা আৰু ফকথ মাৰাঠী চেনেলৰ স্বত্বাধিকাৰী দুজনৰ জামিন আৱেদন বৃহস্পতিবাৰে মঞ্জুৰ কৰিছে আদালতে৷ বিগত সপ্তাহত জামিন লাভ কৰা আন এজন অভিযুক্ত উমেশ মিশ্ৰই ইতিমধ্যে ৰাজসাক্ষী হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে৷