দীপিকা পাডুকনৰ মেনেজাৰ কৰিশ্মা সন্ধানহীন
বলীউডৰ ড্ৰাগছৰ চক্ৰত সাঙোৰ খাই পৰা ছুপাৰ ষ্টাৰ দীপিকা পাডুকনৰ টেলেণ্ট মেনেজাৰ কৰিশ্মা প্ৰকাশৰ তিনিদিনে নাই সন্ধান৷ নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’ৱে চমন জাৰি কৰাৰ পিছতে সন্ধানহীন হৈ পৰে কৰিশ্মা৷ মঙলবাৰে কৰিশ্মাৰ ভাৰ্ছ’ভাৰ বাসগৃহত চলা অভিযানত ১.৭গ্ৰাম হাছিজ আৰু চিবিডি অয়লৰ তিনিটা বটল উদ্ধাৰৰ পিছৰে পৰা নিৰুদ্দিষ্ট কৰিশ্মা প্ৰকাশ৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি চলা ড্ৰাগছ সম্পৰ্কীয় তদন্তত পোহৰলৈ আহে যে মায়ানগৰী মুম্বাইত ড্ৰাগছ চক্ৰৰে জড়িত আছে একাংশ অভিনেতা-অভিনেত্ৰীও৷ এই তদন্তৰ আওতাত গ্ৰেপ্তাৰ হৈছিল সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী৷ জেৰাৰ সন্মুখীন হৈছিল দীপিকা পাডুকন, শ্ৰদ্ধা কাপুৰ, ছাৰা আলি খান, ৰাকুলপ্ৰীত সিং৷ দীপিকাৰ মেনেজাৰ কৰিশ্মা প্ৰকাশৰ সৈতে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা এজন ড্ৰাগছ ব্যৱসায়ীৰ সম্পৰ্ক থকাটো তদন্ত কালত পোহৰলৈ আহে৷ পৰৱর্তী সময়ত তেওঁৰ বাসগৃহত কম মাত্ৰাত হ’লেও ড্ৰাগছ উদ্ধাৰ হোৱা আৰু NCBক তদন্তত সহযোগিতা নকৰাৰ অভিযোগত কৰিশ্মাৰ গ্ৰেপ্তাৰ নিশ্চিত হৈ পৰিছে৷ জেৰাৰ বাবে কৰিশ্মালৈ দিয়া চমন তেওঁৰ বাসগৃহৰ দৰ্জাত ওলোমাই দিছে৷ কিন্তু এই বাতৰিৰ পৰলৈকে শুংসূত্ৰ নাই কৰিশ্মা প্ৰকাশৰ৷ আনহাতে বলীউডৰ ড্ৰাগছ চক্ৰৰে জড়িত মুঠ ২৩জনকৈ অভিযুক্তক এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে NCBয়ে৷