Local, Vocal, Global

বিজেপিক প্ৰত্যাহ্বান জনালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই

বিজেপিক প্ৰত্যাহ্বান জনালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। শিৱ সেনাৰ বার্ষিক দশেৰা উৎসৱত এই কথা ব্যক্ত কৰিলে উদ্ধৱ থাকৰে। পূর্বৰে পৰা মহাৰাষ্ট্ৰ চৰকাৰ ভাঙি পেলোৱাৰ কথা কৈ আহিছিল উদ্ধৱ থাকৰে। তেওঁ উল্লেখ কৰিছে সাহস থাকিলে সেয়া কৰি দেখুওৱাক। দেওবাৰে ভাষণ প্ৰসংগত থাকৰে কয় ‘আমাৰ হিন্দুত্বক লৈ ক্ৰমাগতভাৱে আক্ৰমণ কৰি থকা হৈছে। তেওঁ জনসাধাৰণৰ বাবে মন্দিৰ খুলি দিয়া নাই সেই কথাক লৈ প্ৰশ্ন উৎত্থাপন কৰিছে৷ বালাচাহাব থাকৰে হিন্দুত্বৰ সৈতে আমাৰ কাম অমিল আছে বুলি কৈছে৷ আপোনালোকৰ হিন্দুত্বৰ টিলিঙা বজোৱাতে সীমাবদ্ধ। আমাৰ হিন্দুত্বৰ সংজ্ঞা তাতকৈ সুকীয়া’।

তেওঁ লগতে কয় যে চৰকাৰে ক’ৰনা ভেকচিনক লৈ ৰাজনীতি কৰাৰ কথা। তেওঁ অভিযোগ কৰে বিহাৰ নির্বাচনত সুযোগ লোৱাৰ স্বার্থতে বিজেপিয়ে বিনামূলীয়া ভেকচিনৰ প্ৰচাৰ চলাইছে। শিৱ সেনাৰ মূৰব্বীগৰাকীয়ে প্ৰশ্ন উত্থাপন  কৰিছে যে,আপোনালোকে বিহাৰত বিনামূলীয়া ভেকচিন দিয়াৰ কথা কৈছে দেশৰ বাকী অংশ পাকিস্তান বা বাংলাদেশ নেকি?

বিজেপিয়ে মহাৰাষ্ট্ৰ চৰকাৰ বিশেষকৈ শিৱসেনাৰ প্ৰতি তীব্ৰ আক্ৰমনাত্মক বক্তব্য কৰি অহাৰ পিছত উদ্ধৱ থাকৰে উভতি ধৰিছে বিজেপিক।