Local, Vocal, Global

চেলিব্ৰেটীৰ দুখত দুখী চৰকাৰ! মৃৎ শিল্পীৰ চকুলোক অনাদৰ কিয়…

পূজা আহিল, কিন্তু ভাল খবৰ নাহিল এইসকল শিল্পীৰ বাবেহে। ৰাজ্যত কোভিড প্ৰট’ক’লৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে। কিন্তু এওঁলোকক এনে শিথিলতাই সঁকাহ দিব পৰা নাই। যোৱা ৮ মাহে নাই উপাৰ্জন। ভাত এমুঁঠিৰ বাবেও চিন্তাত পৰিছে একাংশ শিল্পী। লগতে ৰাজ্যৰ কলা-সংস্কৃতিৰ ওপৰতো পৰিছে ইয়াৰ প্ৰভাৱ। মৃৎ শিল্পী-ওজাপালি শিল্পী-ঢুলীয়া-ভাৱৰীয়া, দিহা নাম, নাগৰা নামৰ দলৰ সৰু সৰু মানুহবোৰেই বৰ বৰ উৎসৱ, ডাঙৰ ডাঙৰ শিল্পী তৈয়াৰ কৰে। কিন্তু আজিৰ দুঃদিনত তেওঁলোকৰ খবৰ লওঁতা কোনো নাই। সেয়ে সেই সকলৰ মনৰ ভাব বুজিবলৈ কাষ চাপিছিলো এনে বহু শিল্পী-কাৰিকৰৰ। চৰকাৰৰ প্ৰতিও আছে তেওঁলোকৰ ক্ষোভ।
বৰ্তমান পূজাৰ বতৰ। কিন্তু কোৰোনা মহামাৰীয়ে এই পূজাৰ উৎসাহ-উদ্দীপনা সকলো ম্লান কৰি পেলাইছে। এই ভাইৰাছৰ প্ৰভাৱ সকলো ক্ষেত্ৰৰে জড়িত লোকৰ ওপৰত পৰিছে। মৃৎ শিল্পীসকলৰ বছৰটোৰ উপাৰ্জনৰ সময় এই পূজা, ৰাস, দিপাৱলীৰ সময়তে। কিন্তু এইবাৰ পূজাত তেওঁলোকে নোৱাৰিলে পূৰ্বৰ দৰে উপাৰ্জন কৰিবলৈ। এনে পৰিস্থিতি সৃষ্টি হৈছে কোৰোনা মাহমাৰীৰ ফলত। কোৰোনাৰ বাবে এইবাৰ ৰাজ্যৰ প্ৰায়বোৰ পূজা মণ্ডপতে আপুনি দেখিবলৈ নাপাব মা দুৰ্গাৰ প্ৰতিমূৰ্তি। একো একোখন ফ্লেক্স আঁৰি এইবাৰ পূজা আয়োজক কমিটীয়ে আয়োজন কৰিব লগা হৈছে দুৰ্গা পূজা। পূৰ্বে যদি পূজাৰ বাবে একো একোজন মৃৎ শিল্পীসকলে ১৫-২০টা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল, এইবাৰ পিছে ২-৩টা সৰু আকাৰৰ দুৰ্গা মাৰ প্ৰতিমূৰ্তিহে নিৰ্মাণ কৰিছে।
এই ক’লা ডাৱৰৰ নামি আহিছে কোভিড-১৯ৰ বাবে। চৰকাৰে এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি যাতে নাপায়, তাৰ বাবে বহু নীতি নিয়ম জাৰি কৰিছে। লগতে প্ৰতিটো দুৰ্গা পূজাৰ পেণ্ডেলত কেৱল ১০-১৫ জন লোকহে এটা সময়ত উপস্থিত থাকিব পাৰিব বুলি নিৰ্দেশ প্ৰদান কৰিছে। আনহাতে, বৰষুণৰো প্ৰভাৱ পৰিছে এইবাৰৰ পূজাত।

বিগত বছৰত প্ৰতিখন পূজা মণ্ডপতো হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয়। কিন্তু এইবাৰ সেই পৰিৱেশ নাই। আঙুলিৰ আগত গণিব পৰাকৈ প্ৰায়বোৰ পূজা মণ্ডপতে মানুহৰ শাৰী দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰে ক’বলৈ গ’লে এইবাৰৰ পূজাৰ বাবে নাই ৰাজ্যবাসীৰ মনত উৎসাহ। যাৰ প্ৰত্যক্ষ প্ৰভাৱ এই মৃৎ শিল্পীসকলৰ ওপৰত পৰিছে। যাৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈছে তেওঁলোক।
কেৱল মৃৎ শিল্পীসকলেই নহয়, ওজাপালিসকলৰো একেই অৱস্থা। উল্লেখ্য যে, নৃত্য-গীতৰ দ্বাৰা ওজাই দিহা, ৰাগ আদি লগাই দিয়া আৰু পালিসকলে সহযোগ কৰা এই অৰ্ধ নাটকীয় পৰিবেশ্য কলাৰ ওপৰতো কুপ্ৰভাৱ পৰিছে এই মহামাৰীৰ। ইফালে, ঢোলীয়া সংস্কৃতিৰে জড়িত আন এজন শিল্পীয়ে অতি দুখৰে জনাই যে, লকডাউন আৰম্ভ কৰাৰে পৰা বৰ্তমানলৈ তেওঁৰ নাই কোনো উপাৰ্জন
উল্লেখ্য যে, লাহে লাহে দেশ তথা ৰাজ্যত চৰকাৰে বহু শিথিলতা প্ৰদান কৰিছে। বহু অনুষ্ঠান-প্ৰতিষ্ঠান খোলা হৈছে যদিও শিল্পীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰা যেন বোধ হয়। কিয়নো শিল্পীসকলৰ কেৱল ক্ষোভ আৰু দুখ-দুৰ্দশাহে দেখা পোৱা গৈছে বৰ্তমান সময়ত।
চৰকাৰে শিল্পীসকলৰ বাবেও বহু আঁচনি তথা সাহায্য আগবঢ়াইছে যদিও, বহুজনে এতিয়াও পোৱা নাই কোনো সুবিধা। যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে তেওঁলোকৰ। ইফালে, ওজাপালি এগৰাকীয়ে এই সন্দৰ্ভত কয় যে- ৮ মাহ হ’ল কাম নকৰাৰ। গতিকে আটাইবিলাক শিল্পীৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে। কিন্তু চৰকাৰে ঘোষণা কৰিলে যে ৩ মাহ ২ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হ’ব। কিন্তু দুখীয়া পৰিয়ালসকলে তাৰ বাবেও অনলাইন ব্যৱস্থা তথা মণ্ডল অফিচলৈ গ’লেও ৪০০ টকা খৰচ কৰিব লগীয়া হৈছে। তাৰপাছতো চৰকাৰৰ সাহায্য আজিলৈ লাভ কৰা নাই। সেয়েহে অনুৰোধ যাতে শিল্পীসকলৰ বাবে কিবা সাহায্যৰ ব্যৱস্থা কৰে।