Local, Vocal, Global

অৱশেষত মন্ত্ৰী ফণীভূষণৰ ঘনিষ্ঠ অক্ষয় চান্দৰ বিৰুদ্ধে অভিযান

অৱশেষত সাৰ পালে CID এ । SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ অন্যতম খলনায়ক হিচাপে চর্চিত বঙাইগাঁৱৰ বিতর্কিত ব্যৱসায় অক্ষয় চান্দ বৈদ ওৰফে আখিয়াৰ বিৰুদ্ধে চলিল অভিযান । অক্ষয় ওৰফে আখিয়া হ’ল SI পৰীক্ষাৰ ছাব কন্ট্ৰেক্ট লাভ কৰা অক্ষয় টেলিকমিউনিকেচনৰ স্বত্তাধিকাৰী । এই প্ৰতিষ্ঠানত অক্ষয়ৰ আন এজন সহযোগী ৰুবুল হাজৰিকাক গ্ৰেপ্তাৰৰ পাছতহে অক্ষয় চান্দৰ বিৰুদ্ধে CID ৰ অভিযান । শনিবাৰে নিশা আখিয়াৰ বঙাইগাঁৱৰ পাগলাস্থানৰ অট্টালিকাত CID ৰ অভিযান । ৩ ঘণ্টা ধৰি আখিয়াৰ বাসগৃহত অভিযান চলাই কেতবোৰ সামগ্ৰী জব্দ কৰে CID এ । ইফালে ইমান দিনে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধ কোনো অভিযান নচলোৱাৰ সুযোগ লৈ পলায়ন কৰিছে অক্ষয় চান্দ ওৰফে আখিয়াই ।SI কেলেংকাৰি ফাদিল হোৱাৰ পাছৰেই পৰাই আখিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পাছতো ৰহস্যজনক কাৰণত শনিবাৰ পর্যন্ত আখিয়াক স্পর্শই কৰা নাছিল CID এ। নলবাৰীৰ পৰা আখিয়াৰ সহযোগী ৰুবুল হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ পাছতহে বঙাইগাঁৱত আখিয়াৰ বিৰুদ্ধে । বঙাইগাঁৱত এই কথা  সর্বজন বিদিত যে অক্ষয় চান্দ ওৰফে আখিয়া মন্ত্ৰ ফণীভূষণ চোধুৰীৰ অতি ঘনিষ্ঠ। হয়তো সেই ঘনিষ্ঠতাৰ বাবেই ইমানদিনে আৰক্ষীয়ে আখিয়াৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাছিল। এতিয়া পলাতক আখিয়া আৰক্ষীৰ জালত পৰে নে নপৰে সেয়াহে হ’ব লক্ষ্যণীয় ।