মহিলাৰ বিৰুদ্ধে অপৰাধ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা
নতুন দিল্লী, ১১ অক্টোবৰ : দেশত ক্ৰমবৰ্ধমান মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নতুন নিৰ্দেশনা জাৰি কৰিছে। সেই মৰ্মে ধৰ্ষণজনিত সকলো ঘটনাৰ তদন্ত আৰক্ষীয়ে দুমাহৰ ভিতৰত সম্পন্ন কৰিব লাগিব। আনহাতে নিৰ্যাতনৰ বলি হোৱা মহিলাই মৃত্যুৰ পূৰ্বে দি যোৱা ভাষ্য দণ্ডাধীশৰ উপস্থিতিত নিদিলেও সেইয়া গ্রহণযোগ্য বুলি বিবেচিত হব।
এই ক্ষেত্রত তদন্তকাৰী আৰক্ষী বিষয়াই বাধ্যতামূলকভাবে পালন কৰিবলগীয়া কেতবোৰ নীতি এই নিৰ্দেশনাত উল্লেখ কৰা হৈছে। সেইবোৰ হৈছে
১) অভিযোগ অহাৰ লগে লগে FIR পঞ্জীয়ন
২) ঘটনাস্থলীৰ পৰা Forensic পৰীক্ষাৰ বাবে সমল সংগ্রহ
৩) সমল সংগ্ৰহৰ বাবে Sexual Assault Evidence Collection Kit ব্যৱহাৰ
৪) যৌন নিৰ্যাতনৰ ঘটনাৰ তদন্ত দুমাহৰ ভিতৰতে সম্পূৰ্ণ কৰা
৫) অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ আদি।
এনে পদক্ষেপ গ্ৰহণত ব্যৰ্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱাৰ কথাও নিৰ্দেশনাটোত উল্লেখ আছে।