Local, Vocal, Global

১৫ অক্টোবৰৰ পৰা দেশত খুলিব শিক্ষানুষ্ঠান,গাইডলাইন প্ৰকাশ কৰিলে শিক্ষা মন্ত্ৰ্যালয়ে

১৫ অক্টোবৰৰ পৰা দেশত খুলিব শিক্ষানুষ্ঠান। কৰ’না সংক্ৰণণৰ বাবে মাৰ্চ মাহৰ পৰা দেশত বন্ধ লৈ আছিল শিক্ষানুষ্ঠানসমূহ। Unlock 5 কাৰ্যকৰী হোৱাৰে পৰা দেশত শিক্ষানুষ্ঠান খোলাৰ সন্মতি প্ৰদান কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে। শিক্ষানুষ্ঠান খোলা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ৰাজ্য চৰকাৰৰ হাতত দিয়া হৈছে। আৰু শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত SOP জাৰি কৰিছে কেন্দ্ৰই।

  • শিক্ষানুষ্ঠান খোলাৰ পুৰ্বে কৰিব লাগিব চেনিটাইজেশ্যন
  • শিক্ষানুষ্ঠান সমূহে গঠন কৰিব লাগিব টাস্কফ’ৰ্চ
  • টাস্কফ’ৰ্চ সকলো ইমাৰজেন্সী কেয়াৰৰ দায়িত্বত থাকিব
  • শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰা সকলো সামগ্ৰীত কৰিব লাগিব চেনিটাইজেশ্যন
  • শ্ৰেণীকোঠা, আচবাব পত্রৰ,কেম্পাচৰ প্ৰতিটো চুক–কোণ, কেণ্টিন, পানীৰ টেংকী আদি কৰিব লাগিব  চেনিটাইজেশ্যন
  • মধ্যাহ্ন ভোজন তৈয়াৰ আৰু বিতৰণত অৱলম্বন কৰিব লাগিব অতিৰিক্ত সাৱধনতা
  • শিক্ষক-শিক্ষত্ৰীয়ে মানিব লাগিব সামাজিক দুৰত্ব
  • শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামুলক

উল্লেখ্য যে, কেন্দ্ৰৰ তৰফৰ পৰা শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ প্ৰদান কৰিলেও অনলাই ক্লাচত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। আনহাতে শিক্ষানুষ্ঠান খুলিলেও অভিভাৱকৰ লিখিত অনুমতি নাথাকিলে কোনো শিক্ষানুষ্ঠানে আৰম্ভ কৰিব নোৱাৰে পাঠদান।

আনহাতে অসমৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহ ১ নৱেম্বৰৰ পৰাহে খোলাৰ কথা ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।